বিনোদন

পুত্ৰ-পত্নীৰ প্ৰতি প্ৰেম প্ৰকাশ কৰি অনুৰাগীকো কৃতজ্ঞতা জনালে বিক্ৰান্ত মেছিয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক: পুত্ৰ প্ৰেমত নিমজ্জিত হৈ শৰীৰত পুত্ৰৰ নাম লেখিলে জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছিয়ে। চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত পুত্ৰ সন্তানৰ পিতৃ হোৱাা অভিনেতাজনে তেওঁৰ হাতত ‘বৰদান’ নামৰে এটা টাটু বনাইছে।এই টাটুৰ ফটো তেওঁ ছ’চিয়েল মেডিয়াত প’ষ্ট কৰি পত্নী-পুত্ৰৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছে। 

হয়, বিক্ৰান্তৰ পুত্ৰৰ নাম বৰদান।বৰদানৰ নামটোৰ লগতে পুত্ৰৰ জন্ম তাৰিখটো উল্লেখ কৰি এই টাটুটো তেওঁ হাতত বনাইছে। প’ষ্টটো শ্বেয়াৰ কৰি তেওঁ লেখিছে  'সংস্কৰণ বা আসক্তি মই দুয়োটা ভাল পাওঁ। ‘১২ ফেইল’ নামৰ ছবিত অদমনীয় অভিনয় কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰা অভিনেতাজনক বহু অনুৰাগীয়ে এই প’ষ্টটোৰ জৰিয়তে শুভেচ্ছা জনাইছে। ইফালে, কেইদিনমান পূৰ্বে বিক্ৰান্ত মেছিৰ পত্নী শীতল ঠাকুৰে ছ’চিয়েল মেডিয়াত প’ষ্ট কৰা তেওঁৰ পুত্ৰৰ আকৰ্ষণীয় কোঠাৰ ফটোও ক্ষন্তেকতে ভাইৰেল হৈ পৰিছিল।

উল্লেখ্য যে, ‘১২ ফেইল’ ছবিখনত কৰা অভিনয়ৰ বাবে ইতিমধ্যেই বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বিক্ৰান্ত মেছিয়ে। আনহাতে, অতি শীঘ্ৰেই তেওঁক দেখা পোৱা যাব 'সাবৰমতী দ্য ৰিপ'ৰ্ট' নামৰ ছবিখনত। তদুপৰি, 'ফিৰ আই হাছীন দিলৰুবা' নামৰ আন এখত ছবিতো তাপসী পান্নুৰ বিপৰীতে দৰ্শকে বিক্ৰান্তক দেখিবলৈ পাব।