বিনোদন

পুনম ধিলনৰ কন্যাৰ প্ৰেমত পৰিল ছনী দেউলৰ পুত্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: 'গডাৰ ২'ৰ মুক্তিৰ পাছতে চৌদিশে চলিছে বলীউডৰ ছুপাৰষ্টাৰ ছানী দেউলৰ জয়গান।শেহতীয়াকৈ আন এক বিষয়ৰ বাবেও চৰ্চালৈ আহিছে এইজন অভিনেতাৰ নাম।এইবাৰ তেওঁৰ কণিষ্ঠ পুত্ৰ ৰাজবীৰ দেউলৰ বাবে অনুৰাগীৰ মুখত উচ্চাৰিত হৈছে ছানী দেউলৰ নাম।হয়, বলিষ্ঠ অভিনেত্ৰী পুনম ধিলনৰ কন্যাৰ প্ৰেমত পৰিছে ছানী দেউলৰ পুত্ৰ ৰাজবীৰ দেউল।

পৰিয়ালৰ পৰম্পৰা অক্ষুন্ন ৰাখি ৰাজবীৰেও বলীউডত আত্মপ্ৰকাশ কৰিলে।মুক্তিৰ অপেক্ষাত থকা তেওঁৰ দুয়োখন ছবিৰে ট্ৰেইলাৰ ইতিমধ্যে মুকলি হৈছে।পিছে, ৰাজবীৰৰ সৈতে একেলগে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে অভিনেত্ৰীগৰাকী কোন জানেনে ? তেওঁ হৈছে পুনম ধিলনৰ কন্যা পালোমা ধিলন। মাত্ৰ ১৬ বছৰ বয়সত 'মিছ ইয়ং ইণ্ডিয়া' খিতাপ অৰ্জন কৰা পালোমা সম্প্ৰতি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

মুম্বাইৰ জামনাবাই নাৰ্চাৰী স্কুলৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি স্নাতক ডিগ্ৰীধাৰী হোৱা পালোমাৰ জন্ম মুম্বাইত। তেওঁ এগৰাকী অতি ভাল ফুটবল খেলুৱৈ।পালোমাই বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত বহুতো ফুটবল খেলিছে। ফিটনেছৰ ক্ষেত্ৰতো নাম আছে এইগৰাকী নৱাগতা অভিনেত্ৰীৰ।

মাতৃৰ দৰেই পালোমাও যথেষ্ট আকৰ্ষণীয় আৰু ষ্টাইলিছ। খবৰ অনুসৰি, ইতিমধ্যে এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছে ৰাজবীৰ দেউল। অৱশ্যে এই সম্পৰ্কৰ বিষয়ে বৰ্তমানেও ৰাজহুৱা কৰা নাই দুয়োগৰাকী অভিনেতা-অভিনেত্ৰী তথা তেওঁলোকৰ পৰিয়ালে। যদি এই সম্পৰ্কই গতি লয়, তেন্তে বিয়ৌ-বিয়নিৰ সম্পৰ্কত বান্ধ খাব ছানী দেউল আৰু পুনম ধিলন। উল্লেখ্য যে, 'দ'ন' শীৰ্ষক এই ছবিখনৰ পৰিচালনা কৰিছে অভনিষ অৱনীশ বৰজাতিয়াই।চলিত বৰ্ষৰ শেষৰফালে অথবা আগন্তক বৰ্ষৰ প্ৰথমতেই এই ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।