সাধাৰণ তথ্য

Assamese Alphabet অসমীয়া বৰ্ণমালা

asomiyapratidin

অসমীয়া বৰ্ণমালা অসমীয়া ভাষাটো লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰ পৰা কুটিল, সিদ্ধমাতৃকা লিপি নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। প্ৰায় সোতৰ শতিকাত অসমীয়া লিপিৰ কাইথেলী, বামুণীয়া আৰু গড়গঞা এই তিনিটা শৈলী গঢ় লৈ উঠে।যিয়ে ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ লাভ কৰে।একে উৎসৰ পৰাই উদ্ভৱ হোৱা সামান্য পৰিৱৰ্তিত লিপি বাঙালী ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা লিখিবলৈও ব্যৱহাৰ কৰা হয়। আধুনিক অসমীয়া লিপি বঙালী লিপিতকৈ ৰ, ৱ আৰু ক্ষ আখৰতহে পৃথক।

অসমীয়া ভাষাত বৰ্তমান ৫২টা আখৰ আছে।এই ৫২টা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা বুলি জনা যায়।উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণমালাক স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।

স্বৰবৰ্ণ 

যিবোৰ আখৰ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা শ্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে।

হ্ৰস্ব স্বৰ: অ ই উ ঋ এ ও। এই ছটা আখৰৰ উচ্চাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে।

দীৰ্ঘ স্বৰ: আ ঈ ঊ ঐ ঔ। এই পাঁচটা আখৰৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে।

অসমীয়া ৮ টা স্বৰধ্বনি হ'ল- অ, অ', আ , ই , উ , এ, ঐ আৰু ও।ই আৰু উ স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- মাৰাঠী, হিন্দী আদিৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হ্ৰস্ব আৰু দীৰ্ঘ দুটা ৰূপ নাই।অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ঋ হ’ল 'ৰ' আৰু 'ই' আখৰৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই, ঔ=ও+উ। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে।

স্বৰবৰ্ণ চিহ্নক ব্যঞ্জনবৰ্ণৰ লগত যুক্ত কৰিলে ব্যঞ্জনবৰ্ণৰ উচ্চাৰণ সলনি হয়। স্বৰবৰ্ণ যুক্ত হৈ নাথাকিলে ব্যঞ্জনবৰ্ণৰ পাছত হসন্ত লিখা হয়।

ব্যঞ্জন বৰ্ণ

যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখবিৱৰত বাধাপ্ৰাপ্ত হৈ উচ্চাৰিত হয়, সেইবোৰক ব্যঞ্জন বৰ্ণ বোলে। ব্যঞ্জন বৰ্ণ সদায় স্বৰাশ্ৰয়ী। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ ৪১টা।এইকেইটা হৈছে- ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, ক্ষ, ড়, ঢ়, য়, ৎ, ং, ঃ, ঁ।

ইয়াৰ য় ড় ঢ় আখৰকেইটা শব্দৰ আদিত ব্যৱহাৰ নহয়।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জন বৰ্ণক স্পৰ্শ বৰ্ণ, উষ্ম বৰ্ণ আৰু অন্ত বৰ্ণ হিচাপে তিনিটা ভাগত ভাগ কৰা হৈছে।

(১) স্পৰ্শ বৰ্ণ: 'ক'-ৰ পৰা 'ম'-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্গৰ আৰম্ভণি আখৰটোৰ নাম দিয়া হৈছে। সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয়।

ক বৰ্গ - ক খ গ ঘ ঙ

চ বৰ্গ - চ ছ জ ঝ ঞ

ট বৰ্গ - ট ঠ ড ঢ ণ

ত বৰ্গ - ত থ দ ধ ন

প বৰ্গ - প ফ ব ভ ম

এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে।

অল্পপ্ৰাণ বৰ্ণ: বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে। ফলত উচ্চাৰণ কোমল হয়। সেয়ে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয়।

প্ৰথম - ক চ ট ত প

তৃতীয় - গ জ ড দ ব

পঞ্চম - ঙ ঞ ণ ন ম

মহাপ্ৰাণ বৰ্ণ: প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰবল হয়। ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ ৰ্ণ বোলা হয়।

দ্বিতীয় - খ ছ ঠ থ ফ

চতুৰ্থ - ঘ ঝ ঢ ধ ভ

(২) উষ্ম বৰ্ণ: শ ষ স আৰু হ এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয়।

(৩) অন্ত বৰ্ণ: য ৰ ল ৱ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে।