গুৱাহাটী

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি মৃত্যু যুৱকৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত। দেওবাৰে সাৱৰমতীৰ বোৱটী পানীয়ে উটুৱাই নিলে ১৪০ কোটি ভাৰতবাসীৰ বিশ্বজয়ৰ সপোন। বিশ্বকাপৰ চূড়ান্ত মেচত ভাৰতৰ পৰাজয় সহজে ল'ব নোৱাৰিলে গুৱাহাটীৰ এজন যুৱকে। গুৱাহাটীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন যুৱকে।

দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২০ বছৰীয়া মৃনাল মজুমদাৰে। কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল যুৱকজন। নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন। নিশা হয়তো টোপনি অহা নাছিল মৃনালৰ।

পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠিছিল প্ৰাঞ্জলে। তাৰ পিছত পৰিয়ালৰ লোকে কোঠাত প্ৰাঞ্জলক চাবলৈ যোৱাত অচেতন হৈ আছিল তেওঁ। অচেতন অৱস্থাত থকা মৃনালক পৰিয়ালৰ লোকে ততাতয়াকৈ চিকিৎসালয়লৈ নিছিল যদিও তেওঁৰ মৃত্যু হয়।