গুৱাহাটী

আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত ৩ অভিযুক্ত

Asomiya Pratidin
  • আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ৩ অভিযুক্ত।

  • দিছপুৰ থানাৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক কেইজনক।

  • অভিযুক্তক কেইজন হ'ল গৌতম তালুকদাৰ, বিকি থাপা, তপন তালুকদাৰ।

  • ভাগৱতী উপাধিৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল তিনিওজনে।

  • ৬ ছেপ্তেম্বৰৰ নিশা ৭.৫ বজাত ফোনযোগে ধন বিচৰাৰ অভিযোগ।

  • অভিযোগ অনুসৰি অ’ডি বাহনৰ মূল্য বিচাৰিছিল তিনিওজনে।

  • শনিবাৰৰ ভিতৰত ন্যূনতম ৫ লাখ টকা দিবলৈ দাবী কৰিছিল।

  • উল্লেখ্য অভিযুক্তক গৌতম তালুকদাৰক লগত লৈ সুৰুজ নগৰত আৰক্ষীয়ে চলাইছিল অভিযান।

  • গৌতম তালুকদাৰৰ ঘৰতো অভিযান চলাই আৰক্ষীয়ে।

  • গ্রেপ্তাৰৰ পূৰ্বে গৌতম তালুকদাৰে নিজৰ ফোন হাবিলৈ দলিয়াই দিয়ে।

  • উক্ত ফোনটোৰ পৰাই ধন দাবী কৰি ফোন কৰাৰ তথ্য লাভ আৰক্ষীৰ।