গুৱাহাটী

পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ ৩গৰাকী ছাত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ তিনি গৰাকী স্কুলীয়া ছাত্ৰী । ১৭ ফেব্ৰুৱাৰীৰ পৰা নিৰুদেশ হৈ আছে ছাত্ৰী তিনিগৰাকী । ছাত্ৰী তিনিগৰাকী বিৰকুচীৰ ৰীয়া টিমুং, বোন্দাৰ ৰশ্মি সোনাৰ আৰু আমগাঁওৰ ৰশ্মি শৰ্মা ।

ছাত্ৰী তিনিওগৰাকী বিৰকুচীৰ ৰঘুনাথ চৌধুৰী হিন্দী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ।জানিব পৰা মতে ১৭ ফেব্ৰুৱাৰীৰ দিনা ছাত্ৰী কেইগৰাকীয়ে ঘৰৰ পৰা বান্ধৱীৰ ঘৰলৈ ওলাই গৈছিল। কিন্তু সান্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ মানুহ চিন্তিত হৈ পৰে যদিও বান্ধৱীৰ ঘৰত থাকে বুলি ভাবে। ১৮ তাৰিখেও ঘৰলৈ ঘূৰি নহাত ২০ তাৰিখে অৰ্থাৎ সোমবাৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাত্ৰীদুগৰাকীৰ পৰিয়ালবৰ্গই।

জানিব পৰা মতে তিনিগৰাকী ছাত্ৰীৰ ভিতৰত এগৰাকী ছাত্ৰীৰ হাতত মোবাইল ফোন আছিল যদিও এতিয়া মোবাইল ফোনটো সংযোগ স্থাপন কৰিব পৰা নাই। সম্প্ৰতি প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো সম্ভেদ পোৱা নাই ।