ছয়মাইলত সংঘটিত দুৰ্ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজুঃ চালকক সোধপোছ... 
গুৱাহাটী

ছয়মাইলত সংঘটিত দুৰ্ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজুঃ চালকক সোধপোছ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছয়মাইলত সংঘটিত পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰটোৰ নম্বৰ ১৯৮/২৪। সেই দুৰ্ঘটনাত ৰূপমজ্যোতি বৰা নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হৈছিল।

সংকটজনক অৱস্থাত আন এজন যুৱক বৰ্তমান চিকিৎসাধীন হৈ আছে। এখন দ্ৰুতবেগী বলেৰ' বাহনে খুন্দা মাৰিছিল এখন বাইকত। সেই বাইকখনৰ আৰোহী আছিল ৰূপমজ্যোতি বৰা আৰু আনজন যুৱক।

আৰক্ষীয়ে বলেৰ' বাহনখনৰ চালকজনক সোধপোছ কৰিছে। বলেৰ' বাহনখন ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কনভয়ৰ গাড়ী আছিল। আৰক্ষীয়ে ইতিমধ্যএ জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' বাহনখন।

এই সন্দৰ্ভত এক্স হেণ্ডেল যোগে সবিশেষ উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। Motor Accident Claims Tribunalৰ জৰিয়তে এই দুৰ্ঘটনাৰ গোচৰ নিষ্পতি কৰা হ'ব বুলি জনাইছে ডিজিপি জিপি সিঙে।