লালমাটিত এছ টি এফৰ অভিযানঃ নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ... 
গুৱাহাটী

লালমাটিত এছ টি এফৰ অভিযানঃ নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...

জব্দ হেৰ'ইন, স্কুটি আৰু মোবাইল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ অভিযান অব্যাহত আছে যদিও হ্ৰাস পোৱা নাই। ড্ৰাগছৰ সৰবৰাহ। প্ৰায় প্ৰতিদিনেই এছ টি এফৰ অভিযানত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈয়ে আছে।

অতি শেহতীয়াকৈ এছ টি এফে গুৱাহাটীৰ লালমাটিত অভিযান চলাই পুনৰ এটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰীটোৰ নাম গৌৰৱ মণ্ডল।

গৌৰৱৰ পৰা এছ টি এফে ৭৪ টা কণ্টেইনাৰত ৮৬ গ্ৰাম হেৰ'ইন জব্দ কৰিছে। তাৰোপৰি তেওঁৰ পৰা জব্দ কৰা হৈছে এখন স্কুটি আৰু এটা মোবাইল ফোন।

ধৃত গৌৰৱক লালমাটিৰ অমলপ্ৰভা দাস শিক্ষা প্ৰতিষ্ঠানৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।