গুৱাহাটী

ৰাজেন গোঁহাই-সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে একাংশ বিজেপি নেতা-কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : অসম ৰাজ্যিক বি জে পিত যেন গৃহকন্দলৰ উকমুকনি আৰম্ভ হৈছে ! দলৰ শীৰ্ষ নেতাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰায়েই এই সন্দৰ্ভত একপ্ৰকাৰ স্পষ্টীকৰণৰ দৰে ব্যাখ্যা আগবঢ়াই আছে। ৰাজ্যিক বি জে পিৰ প্ৰাক্তন সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্যৰ পিচতে অসম ৰাজ্যিক বি জে পিৰ ভিতৰচ'ৰাৰ বা-বাতৰিয়ে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে।

এনে সময়তে দুই প্ৰবীণ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দলটোৰ একাংশ নেতা-কৰ্মী। জি এম চিৰ প্ৰাক্তন উপ-মেয়ৰ সৌমেন ডেকাৰ নেতৃত্বত একাংশ বিজেপি নেতা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজেন গোঁহাই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মহানগৰীৰ মঠঘৰীয়াত বিজেপিৰ প্ৰতিবাদী সমদল উলিয়াই নেতা কৰ্মীসকলে। ৰাজেন গোঁহাই- সিদ্ধাৰ্থ ভট্টাচাৰ্য মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে, অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এজন গতিশীল মুখ্যমন্ত্ৰীক এজন পুৰণা সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়াই আঙুলিটোৱাই প্ৰশ্ন কৰাৰ অধিকাৰ ক’ত পালে বুলি মন্তব্য কৰে। লগতে কয় যে, তেওঁ ৪ বাৰ সাংসদ, এবাৰ মন্ত্ৰী হ’ল, ৰে’লৱে মন্ত্ৰী হৈ থকা সময়ত গোহাঁইয়ে অসমৰ ৰাইজৰ কাৰণে, ভাৰতৰ কাৰণে কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে।

অসমৰ ৰাইজৰ কাৰণে কি কৰিলে বুলি প্ৰশ্ন তুলি 'তেওঁ এজন নিষ্কৰ্মা মন্ত্ৰী আছিল আৰু তাৰ পিছত তেওঁক ড্ৰপ দিয়া হ’ল। তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আঙুলিয়াই কেইটামান প্ৰশ্ন সুধিছে। আমি তেওঁক উত্তৰ দি আছো' বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

লগতে কয় যে, এনেকুৱা অকৰ্মন্য কৰ্মীয়ে বিজেপিত থাকি বিজেপি দলটোক দুৰ্বল কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে। কেইজনমান জ্যেষ্ঠ লোকে দলটোক দুৰ্বল কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে।

প্ৰতিবাদকাৰী তথা দলটোৰ একাংশ নেতা-কৰ্মীয়ে কয়- 'বিশেষকৈ ৰাজেন গোহাঁই ডাঙৰীয়াৰ শেহতীয়া মন্তব্যক আমি ধিক্কাৰ দিছো। এনেকুৱা গতিশীল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা কোৱাটো আমি সহজভাৱে লোৱা নাই। আমি এটা সৰু অঞ্চলত বাস কৰো। আমি আজি ১০ বছৰ আগতে আমি আমাৰ নেত্ৰী বিজয়া চক্ৰৱৰ্তীৰ নেতৃত্বত আমি সকলো ৰাইজ বিজেপিত যোগদান কৰিছিলো। বিজয়া চক্ৰৱৰ্তীৰ আদৰ্শ-নীতিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই অঞ্চলটোৰ কাম হিমন্ত বিশ্ব শৰ্মা, বিজয়া চক্ৰৱৰ্তীৰ জৰিয়তে আমি কৰিছিলোঁ।

মুখ্যমন্ত্ৰীয়ে কৈছে যে মই অসমখন ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত ৰাখিম আৰু সেয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাস্তা-পদুলি, দলং প্ৰত্যকখন আঁচনি সফলভাৱে ৰূপায়ণ হৈছে। দুৰ্নীতি বন্ধ হৈ গৈছে। গতিকে এনে এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আঙুলি টোওৱাটো দুৰ্ভাগ্যজনক।' বুলি মন্তব্য কৰে।

লগতে কয়- 'দ্বিতীয় কথা নতুন আৰু পুৰণি বুলি কি কথা আছে ? আজিৰ পৰা ১৫ বছৰ আগতে আমাৰ আগত বিজেপিত আছিল ১০ জন। আমি ১০ বছৰ আগতে আমি একেলগে যোগদান কৰিছিলো ২ হাজাৰজন। আজি হয়তো ৪০ হাজাৰ হৈছে। বিজেপিৰ নীতি-আদৰ্শ ভাল পাই মানুহে বিজেপিত যোগদান কৰিছে। মানুহ বিলাক কিয় বিজেপিলৈ আহিছে? অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত আকৃষ্ট হৈ আজি সকলোৱে বিজেপিত যোগদান কৰিছে।'

'এইগৰাকী গতিশীল মুখ্যমন্ত্ৰীৰ দিনত আজি গুৱাহাটীত কিমান দলং নিৰ্মাণ হৈছে, কিমান ভাল কাম হৈ আছে। আমি মুখ্যমন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হৈছো। গতিকে ইয়াৰ পিছতো আমি ৰাজে গোহাঁইৰ দৰে মানুহ বিজেপিত নথকাই ভাল। ৰাজেন গোহাঁই বিজেপিৰ পৰা যাব লাগে। এনেধৰণৰ মানুহ যদি বিজেপিত থাকে, বিজেপ দলটোক দুৰ্বল কৰি পেলাব। গতিকে আমি সকীই দিছো যে এনেকুৱা ৰাজেন গোহাঁইৰ দৰে মানুহ যেন আৰু দ্বিতীয় এজন নোলায় আৰু আমি সাৱধান কৰি দিছো। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি আছো। যিমান দিন হিমন্ত বিশ্ব শৰ্মা থাকিব আমি থাকিম।' বুলি উল্লেখ কৰে।

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে কয়- 'ৰাজেন গোহাঁইয়ে বিৰুদ্ধাচাৰণ কৰাৰ অধিকাৰ ক’ত পালে ? আৰু তেওঁ বিৰোধ কৰিছে কেতিয়া ? যেতিয়া তেওঁ একো নাপালে, ৪ বাৰ সাংসদ হোৱাৰ পিছত তেওঁ আৰু কি বিচাৰে ? ৰে’লৱে মন্ত্ৰী হোৱাৰ পিছত তেওঁ আৰু কি বিচাৰে ? আজি নতুন প্ৰজন্ম ওলাই আহিছে, এতিয়া চাওক জয়ন্ত মল্লবৰুৱা এগৰাকী ধুনীয়া মন্ত্ৰী, পীযুষ হাজৰীকা এগৰাকী কৰ্মোদ্যমী মন্ত্ৰী। ৰঞ্জিৎ দাস ডাঙৰীয়া পুৰণি মানুহ, তেওঁ সদায় ভালৰ কথা কৈ আহিছে।'

আনহাতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমালোচনা কৰি কয় যে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ মটৰ চাইকেলৰ পিছৰ চিটত বহুই লৈ অহা কথাটো কৈ পৰোক্ষভাৱে প্ৰধানমন্ত্ৰীক উপলুঙাহে কৰিছে। এই কথাটোৰে তেওঁ কি বুজাব বিচাৰে, তাৰমানে তেতিয়াৰ দিনত বিজেপিত মানুহ নাছিল। অৰ্থাৎ ভট্টাচাৰ্যৰ দিনত বিজেপিৰ সংগঠনটো ভাল নাছিল বুলি মন্তব্য কৰে।

লগতে উল্লেখ কৰে যে, মন্ত্ৰী থকা দিনত ভট্টাচাৰ্যই কি কৰিছিল গুৱাহাটীবাসীয়ে সকলো দেখিছে। যা-তা মানুহ বিজেপিত সোমাই বিজেপি দলটোক ধ্বংস কৰিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যই আমাৰ দৰে সাধাৰণ বিজেপি কৰ্মীসকলক দুখ দিছে আৰু বিজেপিৰ কৰ্মী হিচাপে ৰাজেন গোহাঁইক আমি সাৱধান কৰি দিছো- এনেকুৱা টুলুঙা মন্তব্য, এনেকুৱা উপলুঙা কথা যেন তেওঁ দ্বিতীয় বাৰ প্ৰয়োগ নকৰে বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰে। লগতে কয় যে 'পুনৰ মুখ্যমন্ত্ৰীক যেন আঙুলি টোৱাই কথা নকয়। আজি আমি ক্ষুব্ধ, ৰাজেন গোহাঁইৰ মন্তব্যই আমাক ক্ষোভিত কৰিছে। আমাক যেন তেওঁ উপলুঙা কৰিছে, আমাক যেন হিংসা কৰিছে, এনেধৰণৰ এটা ভাব হৈছে' বুলি মন্তব্য কৰে।