উপ নিৰ্বাচনত আপেও দিব পাৰে প্ৰাৰ্থী !নিৰ্বাচনী সমিতিয়ে ল'ব চূড়ান্ত সিদ্ধান্ত... 
গুৱাহাটী

উপ নিৰ্বাচনত আপেও দিব পাৰে প্ৰাৰ্থী !নিৰ্বাচনী সমিতিয়ে ল'ব চূড়ান্ত সিদ্ধান্ত...

আপৰ কাৰ্যনিৰ্বাহকত দিনজোৰা চৰ্চাঃ পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈও প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসক-বিৰোধী উভয় শিবিৰৰ মাজত ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলৰ কাৰ্যনিৰ্বাহক বৈঠক। ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত চামগুৰি, বিহালী আৰু ধলাই বিধান সভা সমষ্টিত আপৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ সন্দৰ্ভত দিনজোৰা চৰ্চা হয়।

উল্লেখ্য যে ইতিমধ্যে বিহালী আৰু ধলাইত দুগৰাকীকৈ আৰু চামগুৰি বিধান সভা সমষ্টিৰ বাবে চাৰিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় মনোনয়ন লাভৰ বাবে আবেদন পত্ৰ দাখিল কৰিছে। ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া ৭ জনীয়া নিৰ্বাচনী সমিতিয়ে বৃহস্পতিবাৰৰ দিনৰ ভিতৰত প্ৰাৰ্থিত্ব আৰু মনোনয়ন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

কাৰ্যনিৰ্বাহক সভাত দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ স্পষ্ট বক্তব্য, "আম আদমী পাৰ্টিয়ে কেতিয়াও কোনো দলক পৰাজিত কৰিবলৈ নিৰ্বাচনী ৰণত প্ৰতিদ্বন্দিতা নকৰে। আপে সদায় বিজয়ৰ লক্ষ্য আগত ৰাখি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। আপৰ লক্ষ্য ৰাজনৈতিক ব্যৱস্থাৰ পৰিবৰ্তন।"

আনহাতে বিটিআৰকে ধৰি ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ উপৰি অহা ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবেও দলে প্ৰস্তুতি আৰম্ভ কৰিছে। দলৰ গণভিত্তি শক্তিশালী কৰাৰ স্বাৰ্থত শীঘ্ৰেই নতুনকৈ জিলা কমিটিসমূহ গঠনৰ লগতে তৃণমূল কৰ্মীসকলকলৈ বুথ পৰ্যায়লৈ কমিটী গঠনৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আগন্তুক দিনত ৰাজ্যৰ প্ৰতিখন জিলাৰ দলীয় কাম-কাজ চোৱাচিতা কৰাৰ বাবে দলীয় তত্বাৱধায়ক নিযুক্ত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে।