আদালতৰ নিৰ্দেশ অমান্য কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰঃ আপৰ সমালোচনা... 
গুৱাহাটী

আদালতৰ নিৰ্দেশ অমান্য কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰঃ আপৰ সমালোচনা...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যৰ ২৫ খন চাহ বাগিচাৰ ২৮,৫৫৬ গৰাকী শ্ৰমিকৰ মজুৰি আৰু ভৱিষ্যনিধিৰ ধন আদায় নিদিয়াৰ এটা গোচৰত দেশৰ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক কৰা ভৰ্ৎসনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপ, অসমৰ সভাপতি মনোজ ধানোৱাৰে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ধানোৱাৰে কয়, "অসম চাহ নিগমৰ ১৫ খন বাগিচাৰ লগতে আন ১০ খন বাগিচাৰ শ্ৰমিকৰ অনাদায় মজুৰি আৰু পিএফৰ বাবদ ৬৪৫ কোটি টকা পৰিশোধ কৰিবলৈ ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য কৰাত ৰাজ্যৰ মুখ্য সচিবক সোঁশৰীৰে আদালতে তলব কৰে। আদালতৰ এই ভৰ্ৎসনা তথা নিৰ্দেশনাই ৰাজ্য চৰকাৰৰ চৰম দায়িত্বহীনতা উদঙাই দিছে।

চাহ শ্ৰমিকৰ প্ৰতি যে চৰকাৰৰ দায়বদ্ধতা নাই সেয়া স্পষ্ট হৈছে। আম আদমী পাৰ্টিয়ে শ্ৰমিকসকলৰ সমস্যা সমাধানৰ হকে ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাইছে ।

আনহাতে ৰাজ্যত অসম আৰক্ষীয়ে সংঘটিত কৰা 'ভুৱা এনকাউন্টাৰ' সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতে ৰাজ্য চৰকাৰক কৰা প্ৰশ্ন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। ৰাজ্যত সংঘটিত ১৭১ টা এনকাউন্টাৰৰ বিস্তাৰিত তথ্য বিচাৰি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে অসম আৰক্ষীয়ে ৰাজ্যখনৰ এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লোৱা সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰে।

এখন গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰৰ বাবে এয়া লজ্জাজনক বুলি অভিহিত কৰে ধানোৱাৰে। ৰাজ্যখনত আইনৰ শাসন চলি থকা নাই বুলিও অভিযোগ কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।