গুৱাহাটী

গুৱাহাটী লোকসভা সমষ্টিত 'আপ'ৰ নিৰ্বাচনী ৰণডংকা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটী লোকসভা সমষ্টিত আম আদমি পার্টীয়ে সাংগঠনিক তৎপৰতা বৃদ্ধিত উঠি পৰি লাগিছে। দলটোৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থী ডা০ ভবেন চৌধুৰীৰ উপস্থিতিত বৃহস্পতিবাৰে কামৰূপ জিলাৰ ছমৰীয়াত এটা নির্বাচনী কার্যালয় মুকলি কৰাৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজৰ উপস্থিতিত এখন কার্য্যকর্তা সম্মিলন অনুষ্ঠিত হয়।

সভাত অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ মূল পথেৰে দলীয় কর্মীসকলে আম আদমি পার্টী জিন্দবাদ ধ্বনিৰে পদযাত্রা কৰে। সভাৰ অন্তত ডা০ ভবেন চৌধুৰীয়ে গুৱাহাটী লোকসভা সমষ্টিত আম আদমি পার্টীৰ ১০০ শতাংশ জয়ীৰ নিশ্চিয়তা প্রদান কৰে।

দলটোৰ বহুকেইজন ৰাজ্যিক বিষয়ববীয়া উপস্থিত থকা সম্মিলনখনত দলটোৰ গুৱাহাটী লোকসভা সমষ্টিৰ তত্ত্বাবধায়ক দীপাংকৰ কলিতাই ঘৃণা আৰু স্বজনপ্রীতিৰ বিপৰীতে বৌদ্ধিক আৰু পেচাগত সফলতাৰে সমাদৃত 'আপ'ৰ প্রার্থী ডা০ ভবেন চৌধুৰীক এইবাৰ নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। আম আদমি পার্টীয়ে বিজেপি বিৰোধী এখন ধর্মনিৰপেক্ষ,গণতান্ত্রিক আৰু জনমুৰি চৰকাৰ গঠনৰ পক্ষে আগুৱাই আহিবলৈ উপস্থিত জনসাধাৰণলৈ আহ্বান জনায়।