গুৱাহাটী

লোকসভা নিৰ্বাচনক লৈ সাজু আপ,অসম : গুৱাহাটী সমষ্টিত চূড়ান্ত পৰ্যায়ত তৎপৰতা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : আম আদমি পাৰ্টী, অসমে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত এই তৎপৰতা চূড়ান্ত পৰ্য্যায়ত আছে আৰু এই প্ৰক্ৰিয়াত অহা ২১ জানুৱাৰী দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হ'ব বুলি জানিবলৈ দিয়ে।

এই উপলক্ষে চানমাৰিৰ শিক্ষক ভৱনত দিনৰ ১১-০০ বজাৰ পৰা এখনি সাংগঠনিক সভা অনুষ্ঠিত হ'ব। উক্ত সভাত লোকসভা সমষ্টিটোৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব।

আপ,অসমৰ ৰাষ্ট্ৰীয় তত্বাবধায়ক ৰাজেশ শৰ্মাই এই সাংগঠনিক সভাক সম্বোধন কৰিব।ইতিমধ্যে সাংগঠনিক সভাখন সফল কৰাৰ বাবে ১১ জনীয়া আহ্বায়ক সমিতিৰ নেতৃত্বত দিনে-নিশাই কাম চলি আছে আৰু সেইদিনা ১৫১ জনীয়া নিৰ্বাচন পৰিচালনা সমিতি গঠনেৰে তাক পূৰ্ণাংগ ৰূপ দিয়া হ'ব বুলি জনায়।

উল্লেখযোগ্য যে আম আদমি পাৰ্টীয়ে ইণ্ডিয়া এলায়েন্সৰ লগতে ৰাজ্যৰ ১৫ দলীয় বিৰোধী ঐক্য মঞ্চৰ অবিচ্ছেদ্য অংশ আৰু ইয়াৰ আংশীদাৰ হিচাপে গুৱাহাটী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মনস্থ কৰিছে। ইতিমধ্যে এই দিশত সকলো ফালৰ পৰাই ধনাত্মক সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি আপ,অসমৰ কৰ্মকৰ্তাসকল উৎসাহিত হৈ পৰিছে আৰু যিকোনো প্ৰকাৰে সমষ্টিটো দখল কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ কথা জানিবলৈ দিয়ে।

ইয়াৰ লগে লগে মহানগৰীৰ লগতে সমষ্টিটোৰ অন্তৰ্গত দহোটা সমষ্টিতে আপৰ জনসমৰ্থন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। প্ৰণিধানযোগ্য যে বিগত জিএমচি নিৰ্বাচনতো আপে পোন প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি চমকপ্ৰদ ফলাফল লাভ কৰিছিল।