অসমৰ ৩ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব আপেঃ ভুৱা প্ৰচাৰ নকৰিবলৈ আহ্বান... 
গুৱাহাটী

অসমৰ ৩ খন আসনতে প্ৰতিদ্বন্দিতা কৰিব আপেঃ ভুৱা প্ৰচাৰ নকৰিবলৈ আহ্বান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত আপ অসমে অসমৰ তিনিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব। ইতিমধ্যে দলটোৱে তেজপুৰ, গুৱাহাটী আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

অৱশ্যে তাৰ মাজতে শেহতীয়াকৈ ৰাজ্যজুৰি একাংশ সংবাদ মাধ্যমত আপে ডিব্ৰুগড় আৰু তেজপুৰ লোকসভা সমষ্টি কংগ্ৰেছক এৰি দিব বুলি হোৱা চৰ্চা সন্দৰ্ভত আপ অসমৰ পৰ্যবেক্ষক ৰাজেশ শৰ্মাই সংবাদ মেলৰ জৰিয়তে আৰু এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যে অসমত ৩ খন আসনৰ বাবে আপে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু তিনিওখন আসনতে প্ৰতিদ্বন্দিতা কৰিব বুলি পুনৰ স্পষ্ট ঘোষণা কৰিছে।

এই সন্দৰ্ভত সংবাদ মাধ্যমসমূহক ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, উত্তৰ প্ৰদেশত সমাজবাদীৰ পাৰ্টীৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজিৰ পাছত অৰবিন্দ কেজৰিৱালৰ সৈতেও আসন বুজাবুজি হৈছে বুলি বাতৰি প্ৰকাশ পাইছে। এই সন্দৰ্ভত অসমত আপে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰা ডিব্ৰুগড় আৰু তেজপুৰ আসনখনৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিব বুলি চৰ্চা হৈছিল।

একেদৰে ডিব্ৰুগড় আসনখন কোনো কাৰণতে আপক এৰি দিয়া নহ'ব বুলিও বিৰোধী মিত্ৰজোঁটৰ পৰা কোৱা হৈছিল। খবৰ অনুসৰি ডিব্ৰুগড় আসনখন আপে এৰি নিদিলে বিৰোধী মিত্ৰজোঁটৰ পৰাই আঁতৰি যাব লাগিব দলটো।

এনে পৰিস্থিতিত আপে পুনৰ ৩ খন আসনতেই প্ৰতিদ্বন্দিতা কৰিব বুলি পুনৰবাৰ আনুষ্ঠানিক ঘোষণা কৰাত এতিয়া বিষয়টোৱে কি ৰূপ ধাৰণ কৰে বা ৰাজ্যৰ বিৰোধী ৰাজনীতিক কোন দিশে নিয়ে সেয়া হ'ব লক্ষ্যণীয়। উল্লেখ্য আপে ইতিমধ্যে ঘোষণা কৰা তিনিটা সমষ্টি অনুসৰি প্ৰাৰ্থীসকল ক্ৰমে- ডিব্ৰুগড় লোকসভা সমষ্টিত মনোজ ধনোৱাৰ, গুৱাহাটী লোকসভা সমষ্টিত ডাঃ ভবেন চৌধুৰী আৰু শোণিতপুৰ লোকসভা সমষ্টিত ঋষিৰাজ কৌন্দিন্যই।