গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক বৈঠক : বিয়লি ঘোষণা হ’ব আছুৰ সাধাৰণ সম্পাদকৰ নাম

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি ঘোষণা হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ নতুন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। বুধবাৰে বিয়লি ৪-০০ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব কাৰ্যনিৰ্বাহক বৈঠক।

সংগঠনটোৰ শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতিত চূড়ান্ত কৰা হ’ব নতুন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। বৰ্তমানৰ ৫গৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ পৰা এজনক ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব দিয়া হ’ব সংগঠনটোৰ।

শংকৰজ্যোতি বৰুৱাৰ অৱ্যাহতিৰ পাছৰে পৰা আছুৰ সাধাৰণ সম্পাদক পদৰ বাবে একাধিক নেতাৰ নাম চৰ্চালৈ আহিছে। চৰ্চা অনুসৰি কাৰ্বি আংলঙৰ জনজাতীয় যুৱক চাৰ্জু হাঞ্চে সাধাৰণ সম্পাদক হোৱাটো এক প্ৰকাৰ নিশ্চিত।

সমান্তৰালকৈ শিৱসাগৰৰ সমীৰণ ফুকনৰ নামো চৰ্চালৈ আহিছে। কিয়নো পূৰ্বৰে পৰা সাধাৰণ সম্পাদক পদৰ বাবে অন্যতম দাবীদাৰ আছিল সমীৰণ ফুকন। মৰিগাঁও অধিবেশনত দায়িত্বৰ পৰা বঞ্চিত হৈছিল সমীৰণ ফুকন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নাৰীজনিত কেলেংকাৰীত নাম সাঙোৰ খোৱা শংকৰজ্যোতি বৰুৱাৰ অৱ্যহতিৰ পাছতে খালী হৈ পৰিছিল সাধাৰণ সম্পাদকৰ পদ। সংঠনটোৰ এগৰাকী সদস্যাৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা প্ৰাক্তন সম্পাদক শংকৰজ্যোতিয়ে প্ৰতাৰণা কৰা বুলি ৰাজহুকৈ মন্তব্য কৰিছিল ছাত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে সংগঠনটোৰ নেতৃত্বৰ পৰামৰ্শত সাধাৰণ সম্পাদকৰ পদ এৰিছিল বিতৰ্কিত শংকৰজ্যোতি বৰুৱাই।