সংগীতা দত্ত, ৱালিউলে চলোৱা নিৰ্যাতনৰ শিহৰণকাৰী বিবৰণ দিলে নিৰ্যাতিত শিশুটিয়ে... 
গুৱাহাটী

সংগীতা দত্ত, ৱালিউলে চলোৱা নিৰ্যাতনৰ শিহৰণকাৰী বিবৰণ দিলে নিৰ্যাতিত শিশুটিয়ে...

দুই নিৰ্যাতনকাৰী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ সম্ভৱনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তোলনীয়া কন্যাক অকথ্য, অমানুষিক নিৰ্যাতন চলাই কাৰাগাৰলৈ যোৱা গুৱাহাটীৰ বিখ্যাত চিকিৎসক দম্পত্তি ৱালিউল ইছলাম আৰু সংগীতা দত্তৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। পকছো আইনৰ আধাৰত কামৰূপ জিলা পকছো আদালতত চলি থকা এই বিচাৰ প্ৰক্ৰিয়াৰ মাজতে আজি ন্যায়ালয়ে আজি সাক্ষ্য গ্ৰহণ কৰিলে নিৰ্যাতিত শিশুটিৰ।

ন্যায়ালয়ত শিশুটিয়ে দিয়া বৰ্ণনাত ৱালিউল ইছলাম আৰু সংগীতা দত্তই দেৱশিশুটিৰ কণমানি দেহটোত কিমান ভয়াবহ আৰু অমানুষিক নিৰ্যাতন চলাইছিল সেয়া স্পষ্ট হৈছে। শিশুটিৰ মুখেৰে এই বৰ্ণনা শুনি গোচৰটোৰ বিচাৰপতিৰো গা শিয়ৰি উঠিছিল।

উল্লেখ্য যে, শনিবাৰে ন্যায়ালয়ে নিৰ্যাতিত শিশুটিয়ে দিয়া সম্পূৰ্ণ ভাষ্য ৰেকৰ্ডিং কৰিছে। জানিব পৰা মতে অভিযুক্ত সংগীতা দত্তই শিশুটিৰ বিভিন্ন স্থানৰ লগতে গুপ্তাংগতো গৰম ইস্ত্ৰি লগাই দিছিল। ৱালিউল ইছলামে শিশুটিৰ গুপ্তাংগত ভৰাই দিছিল কঠিন সামগ্ৰী। এই দুই চিকিৎসক দম্পত্তিয়ে এই শিশুটিৰ দেহত এইদৰেই নিৰ্যাতন চলাই বন্য আনন্দ লাভ কৰিছিল।

আজি দিনৰ প্ৰায় ১১ বজাত ন্যায়ালয়লৈ নিয়াৰ সময়ত আৰক্ষীয়ে শিশুটিৰ ক্ষেত্ৰত বহু সুৰক্ষামূলক ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হয়। সংবাদ মাধ্যমকে ধৰি কোনো লোকেই যাতে কোনো কাৰণতে শিশুটিৰ ভিডিঅ', ফটো সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰে বিশেষ সুৰক্ষা মূলক ব্যৱস্থা। এই সমগ্ৰ প্ৰক্ৰিয়াৰ নেতৃত্ব বহন কৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

এক দীঘলীয়া সময় শিশুটিৰ সাক্ষ্য গ্ৰহণৰ অন্তত তেওঁক পুনৰ সেই সুৰক্ষামূলক ব্যৱস্থাৰ মাজেৰে শিশুগৃহলৈ লৈ যোৱা হয়। জানিব পৰা মতে এই চিকিৎসক দম্পত্তিক ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো তেওঁলোকৰ বিৰুদ্ধে পকছো আইনৰ ৬ নং ধাৰাত ছাৰ্জ ফ্ৰেম কৰা হৈছে।