গুৱাহাটী

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ অত্যাধুনিক আই টি দক্ষতা বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু আই বি এমৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ দক্ষতাৰে বিকাশ কৰাৰ বাবে কাৰ্যসূচী হাতত লৈছে। আজি চাকৰিৰ প্ৰতিযোগীতামূলক বজাৰত বিকাশৰ বাবে প্ৰয়োজনীয় ক্লাউড, কৃত্ৰিম বুদ্ধিমত্তা, ডাটা বিজ্ঞান আৰু ভৱিষ্যতবাণী বিশ্লেষণকে ধৰি কেইবাটাও ক্ষেত্ৰত শিক্ষাৰ্থীসকলক তথ্য প্ৰযুক্তিৰে আগুৱাই নিবৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হাতত লৈছে।

উক্ত অনুষ্ঠানে ডাউন টাউন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলে তথা নিয়োগকৰ্তাসকল জ্ঞান, প্ৰযুক্তিবিদ্যা আৰু অভিজ্ঞতাৰে শিক্ষাৰ ক্ষেত্ৰত আগুৱায় যোৱাত সহায় কৰিব। উল্লেখ কৰা ক্ষেত্ৰবোৰত যুটীয়া বিশেষ কাৰ্যসূচী, আইবিএম ছফ্টৱেৰৰ সৈতে সমৰ্পিত কম্পিউটাৰ পৰীক্ষাগাৰ, উদ্যোগ-সংৰেক্ষিত পাঠ্যক্ৰম আৰু আইবিএম বিষয়বস্তু বিশেষজ্ঞৰ নেতৃত্বত শিক্ষাৰ্থীসকলৰ বাবে এক দক্ষ ভৱিষ্যত কৰ্মশক্তি গঢ়ি তোলাৰ লক্ষ্যৰে নিৰ্দেশনা প্ৰদান কৰিবলৈ যৌথভাৱে কাম কৰিবলৈ আগবাঢ়ি আহিছে।

"এই পদক্ষেপ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে এক পৰিৱৰ্তনকাৰী সুযোগ বুলি অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ উপাচাৰ্য ড০ এন চি তালুকদাৰে মন্তব্য কৰে। এই পদক্ষেপে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ প্ৰদান, প্ৰমাণপত্ৰ প্ৰদানৰ লগতে বিশ্ববিদ্যালয়খনে অধ্যাপকৰ বিকাশৰ ক্ষেত্ৰতো লাভৱান হ’ব বুলি উল্লেখ কৰে।