ধিঙৰ কিশোৰী যৌন নিৰ্যাতনৰ ডাঙৰ খবৰঃ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল আছিল অন্য যুৱক ! 
গুৱাহাটী

ধিঙৰ কিশোৰী যৌন নিৰ্যাতনৰ ডাঙৰ খবৰঃ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল আছিল অন্য যুৱক !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ ধিঙত সংঘটিত হোৱা কিশোৰীৰ যৌন নিৰ্যাতনৰ ঘটনাক লৈ আহিছে এক ডাঙৰ খবৰ। আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতে পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জুল ইছলাম নাছিল যৌন নিৰ্যাতনকাৰী।

একে নামৰ আন এজন যুৱকহে এই ঘটনাৰে জড়িত আছিল। অভিযোগ অনুসৰি মৃত্যু হোৱা তফাজ্জুল আৰু অভিযুক্ত তফাজ্জুল দুয়োজন বেলেগ যুৱক। ইতিমধ্যে মৃত্যু হোৱা তফাজ্জুলৰ পৰিয়ালে ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

সোমবাৰে ন্যায়ালয়ত মৃত তফাজ্জুলৰ পৰিয়ালৰ হৈ গোচৰ প্ৰক্ৰিয়া চলোৱা অধিবক্তা জুনেইড খালিডে কয় যে, সামাজিক মাধ্যমত তফাজ্জুলৰ যি ফটো ভাইৰেল হৈছে সেয়া তফাজ্জুল নহয়। আৰক্ষীয়ে অন্যায়ভাৱে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল।

অধিবক্তাগৰাকীয়ে পুনৰ কয় যে, আমি আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছো। ভাইৰেল হোৱা ফটোখন তফাজ্জুলৰ নহয়। পৰিয়ালৰ লোকে আৰক্ষীয়ে ভুলৰ বাবেই তফাজ্জুলৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। ন্যায়ালয়ে এতিয়া নিৰ্ধাৰণ কৰিব তফাজ্জুলে অপৰাধ কৰিছিল নে নাই।

এই বিষয়ত আজি অসম চৰকাৰ আৰু ধিং আৰক্ষীৰ বিৰুদ্ধে প্ৰক্ৰিয়াগত ত্ৰুটিৰ সন্দৰ্ভত এক ৰিট আবেদন দাখিল কৰাৰ কথা উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয়, গোচৰটোৰ সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰলৈ জাননী জাৰি কৰিছে।

উল্লেখ্য যে, যোৱা ২২ আগষ্টত ধিঙত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক তিনি বিশেষ সম্প্ৰদায়ৰ যুৱকে যৌন নিৰ্যাতন কৰাৰ অভিযোগ কৰিছিল। ইয়াৰ পিছতে মূল অভিযুক্ত তফাজ্জুলৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। কিন্তু এই ফটোখন ভুলকৈ প্ৰচাৰ হৈছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে তফাজ্জুলক গ্ৰেপ্তাৰ কৰিছিল যদিও পৰিয়ালৰ লোকক এই বিষয়ে কোনো কথা কোৱা নাছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ক্ৰাইম চিন ৰিয়েক্ৰিয়েচনৰ বাবে লৈ যোৱাৰ সময়তে এটা পুখুৰীত পৰি তফাজ্জুলৰ মৃত্যু হৈছিল বুলি আৰক্ষীয়ে অৱগত কৰিছিল।

এই ঘটনাৰ প্ৰায় এটা মাহ হ'বৰ হ'ল যদিও আজিও মৃত তফাজ্জুলৰ পৰিয়ালে তফাজ্জুলৰ এৰেষ্ট ৱাৰেণ্ট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন একোৱেই লাভ নকৰিলে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে বাৰে বাৰে আবেদন কৰিছিল যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিলে।

অধিবক্তা জুনেইড খালিদে পুনৰ কয় যে, আমি ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিছো। ন্যায়ালয়ে চৰকাৰী পক্ষক শীঘ্ৰেই এইসমূহ তথ্য ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

তেওঁৰ পুনৰ কয়, উচ্চতম ন্যায়ালয়ত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ বহু কেইটা গোচৰ চলি আছে। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনাও আছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগতো আৰক্ষীৰ জিম্মাত মৃত্যুৰ সন্দৰ্ভত নিৰ্দেশনা আছে। ন্যায়ালয়ে এই গোচৰত অহা ৪ নৱেম্বৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

তাৰোপৰি অধিবক্তা খালিডে প্ৰশ্ন উত্থাপন কৰি কয়, আৰক্ষীয়ে তফাজ্জুলৰ মৃত্যুৰ পিছত যিবোৰ ফটো প্ৰকাশ কৰিছিল তাত তফাজ্জুলৰ হাত বান্ধি থোৱা দেখা গৈছিল। হাত বান্ধি থোৱা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা কেনেকৈ তেওঁ পলাই যাবলৈ পাৰিলে?