গুৱাহাটী

প্ৰতিদিন টাইমৰ কাৰ্যালয়ত উন্মোচন অজন্তা গোস্বামীৰ 'চঞ্চলা চপলা' গীত

Asomiya Pratidin

ডিজিটেল ডেস্ক : জনপ্ৰিয় শিল্পী অজন্তা গোস্বামীৰ নৱতম গীত 'চঞ্চলা চপলা'। এটি সুন্দৰ মিঠা প্ৰেমৰ গীত। পাহাৰীয়া সুৰৰ লগত ৰজিতা খুৱাই এহাল প্ৰেমিক-প্ৰেমিকাকলৈ সৃষ্টি কৰা হৈছে চঞ্চলা চপলা শীৰ্ষক গীতটি।

মংলবাৰে প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আয়োজতিক এক অনুষ্ঠানত গীতটি শুভ মুক্তি দিয়া হয়। গীতটি মুকলি কৰে সাদিন-প্ৰতিদিনৰ গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। গীতটি মুকলি কৰি জয়ন্ত বৰুৱাই ভগ্নী তথা গায়িকা অজন্তা গোস্বামীক ভূয়সী প্ৰশংসা কৰে।

তেওঁ কয় যে, চঞ্চলা চপলা এটি সুন্দৰ গীত। ইয়াৰ কথা-সুৰ উচ্চমানৰ। সুন্দৰ পৰিৱেশত কৰা দৃশ্যগ্ৰহণে দৰ্শকক আমোদ দিব। বক্তব্যৰ শেষত তেওঁ গীতটোৰ লগত জড়িত সমূহ শিল্পীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

ইফালে সদ্য মুক্তিপ্ৰাপ্ত গীতটিৰ সন্দৰ্ভত শিল্পী অজন্তা গোস্বামীয়ে কয়- আজিৰ এই দিনটো মোৰ বাবে বৰ ভাল লগা। কাৰণ এই গীতটি মুকলি কৰিছে মোৰ দাদা জয়ন্ত বৰুৱাই।

গীতটোৰ লগত জড়িত আটাইকেইগৰাকীলৈ তেওঁ ধন্যবাদ জনায়। গীতিৰকাৰ তথা জ্যেষ্ঠ সাংবাদিক মানসী বায়নেও গীতটোৱে দৰ্শক-ৰাইজৰ মৰম পাব বুলি আশা প্ৰকাশ কৰে।

প্ৰতিদিন টাইমৰ সাংবাদিক জুবি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত জয়ন্ত বৰুৱাৰ উপৰি উপস্থিত থাকে গীতিকাৰ তথা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক মানসী বায়ন, কণ্ঠশিল্পী অজন্তা গোস্বামী আৰু প্ৰদীপ গোস্বামী।

উল্লেখযোগ্য যে, এই গীতটি ধ্বনি ৰেক'ৰ্ডছ নামৰ ইউটিউব চেনলটোত বুধবাৰৰ পৰা উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে। 'চপলা চঞ্চলা'ৰ কথা মানসী বায়নৰ,সুৰ চৈয়দ চাদুল্লাৰ, সংগীত মানস হাজৰিকাৰ,ভিডিঅ' পৰিচালনা ভাস্বত ভূঞাৰ লগতে গীতটিত অভিনয় কৰিছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা পাৰ্থ দত্ত আৰু নৱাগতা মৌমনে।