অল আছাম ডিজিটেল মিডিয়া এচ’ছিয়েছন গঠনঃ ফেব্ৰুৱাৰীত ৰাজ্যিক অভিৱৰ্তন...  
গুৱাহাটী

অল আছাম ডিজিটেল মিডিয়া এচ’ছিয়েছন গঠনঃ ফেব্ৰুৱাৰীত ৰাজ্যিক অভিৱৰ্তন...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ ডিজিটেল মিডিয়াৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ সমঅধিকাৰ তথা সমৰ্যাদাৰ দাবীৰে গঠন হ’ল অল আছাম ডিজিটেল মিডিয়া এচ'ছিয়েছন৷ ডিজিটেল মিডিয়া হাউচক বিজ্ঞাপন, সাংবাদিকক চৰকাৰী স্বীকৃতিৰ বাবে উত্থাপন হ’ল দাবী৷

ৰাজ্যৰ কেইবাটাও ডিজিটেল মিডিয়াৰ সংবাদকৰ্মীৰ উপস্থিতিত মহানগৰীৰ ছয়মাইলস্থিত হোটেল365 ত আজি অনুষ্ঠিত হয় এখন প্ৰতিনিধিত্বমূলক সভা৷ এই সভাই সৰ্বসন্মতভাৱে এন ভি লাউভৰ মুখ্য সম্পাদক যোগেশ মজুমদাৰক সভাপতি, নিউজ এন ইৰ মুখ্য সম্পাদক ৰীতা দেৱীক কাৰ্যকৰী সভাপতি আৰু প্ৰতিবিম্ব লাইভৰ মুখ্য সঞ্চালক তফিকুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া কমিটি গঠন কৰে ৷

সভাৰ সিদ্ধান্ত মৰ্মে অতি শীঘ্ৰেই অসমৰ সকলো ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ সহযোগত এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰা হ’ব ৷ উক্ত অভিৱৰ্তনত ৰাজ্যৰ ছহিদ সাংবাদিকসকলৰ পৰিয়াল আৰু সক্ৰিয় সাংবাদিকতাৰ পৰা ইতিমধ্যে অৱসৰ লোৱা প্ৰাক্তন জেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।