প্ৰতিনিধিত্বমূলক ফাইল ফটো 
গুৱাহাটী

সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন  

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে হীৰক জয়ন্তী বৰ্ষটো মহাৰজত জয়ন্তী বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ২৭ জুনৰ দিনা মইনা পাৰিজাতৰ প্ৰতিষ্ঠাৰ দিন হিচাপে প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ লখৰাস্থিত পাৰিজাত প্ৰকল্পত ক্ষেত্ৰত পালন কৰি আহিছে ।

বৃহস্পতিবাৰে গুৱাহাটীৰ লখৰাস্থিত পাৰিজাত প্ৰকল্পত সদৌ অসম মইনা পাৰিজাতৰ হীৰক তথা মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুত কৰা পতাকা পুৱা ৯-০০ বজাত আনুষ্ঠানিকভাৱে উত্তোলন কৰে। ইয়াৰ লগে লগে মইনা পাৰিজাতৰ ২৩ খন জিলা সমিতিয়ে নিজ নিজ কাৰ্যালয়ত পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ লগতে উক্ত জয়ন্তীৰ কাৰ্য্যসূচী পালন কৰে ।

আনহাতে হীৰক/মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচীসমূহ গুৱাহাটীৰ সৰুসজাইস্থিত পৰিজাত প্ৰকল্প ক্ষেত্ৰত ৭ জুলাইত শুভাৰম্ভ কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে । উক্ত দিনা পুৱা সদৌ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্তই পতাকা উত্তোলন কৰিব।

ইয়াৰ পাছতে স্মৃতি তৰ্পন কৰিব শিশু মহিয়ান জীতেন ভাগৱতীয়ে। হীৰক জয়ন্তী বৰ্ষৰ থীম ছং মুকলি কৰিব প্ৰাক্তন মইনা তথা কণ্ঠশিল্পী মৌচুমী চহৰীয়াই ।

উক্ত অনুষ্ঠানতে পাৰিজাত সংবাদ উন্মোচন কৰিব অসম বিজ্ঞান সমিতিৰ সঞ্চালক তথা প্ৰাক্তন মইনা ড০ জয়দ্বীপ বৰুৱাই । ইয়াৰ পাছতে "প্ৰকৃতি আৰু মইনা"বিষয়ত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতি কৰ্মী সৌমাৰদ্বীপ দত্তৰ সৈতে মইনা আৰু চেমনীয়াসকলৰ মাজত অন্তৰঙ্গ- আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

উক্ত কাৰ্যসূচীৰ পাছত দিনৰ ১-০০ বজাৰ পৰা প্ৰাক্তন মইনা তথা সংগীত শিল্পী প্ৰাঞ্জল শৰ্মাৰ পৰিচালনাত মইনা মেল অনুষ্ঠিত হ’ব । সদৌ অসম মইনা পাৰিজাতৰ প্ৰধান সম্পাদক ৰাতুল বৰাই মইনা পাৰিজাতৰ সকলো বিষয়ববীয়া ,আজীৱন সদস্য , জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতি কামনা কৰিছে।