গুৱাহাটী

আজিৰে পৰা মহা অম্বুবাচী মেলা

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজিৰে পৰা মহা অম্বুবাচী মেলা। মা কামাখ্যা ধামত এই বৰ্ষৰ অম্বুবাচী মেলা হ'বলৈ মাথোঁ কিছু সময়ৰ অপেক্ষা।

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় হৈছে - ৭ আহাৰ(২২জুন) শনিবাৰে পুৱা ৮:৪৩ মিনিট। আজিৰ পৰা ১০ আহাৰ (২৫জুন) লৈকে অনুষ্ঠিত হ'ব এই মেলা।

সেই অনুসৰি নিবৃত্তিৰ সময়- ১০ আহাৰ(২৫জুন) মঙ্গলবাৰে নিশা ৯:০৭ মিনিটত নিবৃত্তি অৰ্থাৎ এই বৰ্ষৰ অম্বুবাচী মেলাৰ অন্ত পৰিব।

ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল।

ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে অম্বুবাচী মেলাকলৈ ইতিমধ্যে গ্ৰহন কৰিছে কেতবোৰ ব্যৱস্থা। ভক্তৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে জিলা প্ৰশাসনে।

ইফালে মহানগৰ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। মন্দিৰৰ সুৰক্ষা তথা ভক্তৰ নিৰাপত্তাকলৈ ৩ তৰপীয়া ব্যৱস্থা কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিছে।