গুৱাহাটী

পূব ভাৰতত অস্ত্ৰোপচাৰত প্ৰথমবাৰৰ বাবে এপল ভিজন প্র' ডিভাইচৰ ব্যৱহাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : পূব ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ভার্চুৱেল মিক্সড ৰিয়েলিটি ডিভাইচ যেনে- এপল ভিজন প্র' ব্যৱহাৰ কৰি জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ অস্থিৰোগ বিভাগৰ মুখ্য শল্য চিকিৎসক ডাঃ অংকুৰ হাজৰিকাই এগৰাকী ২৫ বছৰীয়া যুৱকৰ এক জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰে। যুৱকজন যোৱা ৪ বছৰ ধৰি ফিমাৰেল হেডৰ এডাস্কুলাৰ নেক্ৰছিছৰ লগতে হিঞ্জইণ্টৰ এংকাইল 'ছিছ ৰোগত আক্রান্ত হৈ আছিল।

জানিবলৈ দিয়া মতে এই ৰোগত ফিমাৰ অস্থিৰ ৰক্তপ্রবাহ বন্ধ হৈ যায়। ফলত ৰোগীজনে চলাচল কৰিব নোৱাৰা হৈ পৰে আৰু শৰ্য্যাশায়ী হৈ থাকিব লগীয়া হয়।

উল্লেখ্য যে ৯ বছৰ আগেয়ে যুৱকজনৰ হৃদযন্ত্ৰত ফুটা থকাৰ বাবে হাৰ্টৰ অস্ত্রোপচাৰ কৰা হৈছিল। এডাস্কুলাৰ নেক্ৰ'ছিছ ৰোগৰ বাবে ৰোগীগৰাকীক জটিল অস্ত্রোপচাৰো (টোটেল ৰিপ্লেচমেণ্ট ছাৰ্জাৰী') কৰাব লগীয়া হৈছিল।

ইমান কম বয়সত টোটেল জইন্ট ৰিপ্লেচমেণ্ট ছাৰ্জাৰী সাধাৰণতে কৰা নহয়, কিন্তু ৰোগীগৰাকী ৰোগীৰ শয্যাশায়ী অৱস্থাটোৰ বাবে ডাঃ হাজৰিকাই এক জটিল অস্ত্রোপচাৰৰ সিদ্ধান্ত লয়। টোটেল জইন্ট ৰিপ্লেচমেন্ট এক জটিল প্রক্রিয়া হোৱাৰ বাবে সফলতাৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এপল' ভিজন প্র' ডিভাইচৰ দ্বাৰা অস্ত্রোপচাৰ কৰা হয়।

এই ডিভাইচটো ব্যৱহাৰ কৰিলে হাড়ৰ অস্ত্রোপচাৰ কৰাৰ হিচাপ- নিকাচ আৰু কৰিব লগীয়া নির্দিষ্ট স্থানটো চিকিৎসকগৰাকীয়ে দেখাত সুবিধা হয়। চাৰ্জনগৰাকীৰ সুবিধা হোৱাৰ বাবে অস্ত্রোপচাৰ কৰাৰ সময়সীমাও কম হয় আৰু ৰোগীগৰাকীও সোনকালে আৰোগ্য হয়। ফলত চিকিৎসালয়ত থকাৰ সময়সীমা কম হৈ চিকিৎসা ব্যয়ো হ্রাস হয়।