গুৱাহাটী

এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ ব্যস্ত পথ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেওবাৰে পুৱাই অহা এজাক বৰষুণতে বুৰিল মহানগৰীৰ ৰাজপথ। উটুৱাই নিলে স্মাৰ্ট চিটিৰ দম্ভ-অহংকাৰ !

প্ৰায় দুঘণ্টা ধৰি অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্ৰিম বানে বুৰাই পেলালে চানমাৰি, বামুণীমৈদাম, চানমাৰি কলনি, বেলতলা, ৰাজগড় আদিৰ ৰাজপথ।

ক্ষণিকৰ ভিতৰতে স্তদ্ধ হৈ মহানাগৰিকৰ জীৱনযাত্ৰা। স্তদ্ধ হৈ পৰে যান-বাহন। ৰাজপথৰ কাষতে নিৰাপদ ঠাই বিচাৰি আশ্ৰয় ল’ব লগাত পৰে জনতা। ক’ৰবাত যদি একাঁঠু আন ক’ৰবাত একাঁকাল। মুঠৰ ওপৰত পানী আৰু পানী।