গুৱাহাটী

মালিগাঁৱত কৃত্ৰিম বানৰ ফলত শ শ বাহন আৱদ্ধ

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহানগৰীত বুধবাৰে সন্ধিয়া অহা এজাক বৰষুণতে মালিগাঁৱত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ ফলত মালিগাঁৱৰ পুৰণি ব্ৰীজত এম্বুলেঞ্চসহ শ শ বাহন আৱদ্ধ হৈ পৰিছে ৷ দুৰ্ভোগ ভুগিছে জনসাধাৰণে।

পুৰণি ব্ৰীজখনত প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ আছে যান-বাহন ৷ অৱশ্যে ডেৰ ঘণ্টা পাছত পানী কমিবলৈ ধৰাত যান-বাহনসমূহ পুনৰ চলিবলৈ আৰম্ভ কৰিছে।