প্ৰতিনিধিত্বমূলক ফটো 
গুৱাহাটী

মহানগৰীত কৃত্ৰিম বান : সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : এজাক বৰষুণে ধুৱাই নিলে গুৱাহাটী মহানগৰীৰ দম্ভ- অহংকাৰ ! সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি কৰে। ইয়াৰ ফলত ঠায়ে ঠায়ে আৱদ্ধ হৈ থাকিব লগাত পৰে অসংখ্য লোক।

স্কুল-কলেজৰ কণ কণ শিক্ষাৰ্থীৰ পৰা আদি কৰি বিভিন্ন শ্ৰেণীৰ লোক বিভিন্ন স্থানত আৱদ্ধ হৈ পৰে। নিশা ১২ -০০ বজা পৰ্যন্ত বহু লোক আৱদ্ধ হৈ থকাৰো খবৰ পোৱা গৈছে।

মহানগৰীৰ এই মহাপ্ৰলয়ে সকলো শ্ৰেণীৰ লোকৰ জনজীৱন দুৰ্বিষহ কৰি তোলে। এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে।

আজিৰ দিনটোত কোনো শিক্ষানুষ্ঠান খোলা নাথাকিব বুলি এক বিজ্ঞপ্তিযোগে ৰাজহুৱা কৰে। ইয়াৰোপৰি কচিং চেন্টাৰসমূহো বন্ধ ৰখাৰ বাবে নিৰ্দেশনাত উল্লেখ কৰে।