প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধিলৈ অসম সাহিত্য সভাৰ কীৰ্তিনাথ হাজৰিকা সাংবাদিকতা বঁটা  
গুৱাহাটী

প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধিলৈ অসম সাহিত্য সভাৰ কীৰ্তিনাথ হাজৰিকা সাংবাদিকতা বঁটা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাই প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধিলৈ আগবঢ়াইছে কীৰ্তিনাথ হাজৰিকা সংবাদিকতা বঁটা। ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনত তেওঁক এই বঁটা প্ৰদান কৰিব।

উল্লেখ্য যে মৰিগাওঁ জিলাৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ লগত সংগতি ৰাখি ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হৈছে সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানতে জিষ্ণু মেধিক প্ৰদান কৰা হ'ব কীৰ্তিনাথ হাজৰিকা সাংবাদিকতা বঁটা।