উপ-নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ অসম সন্মিলিত মৰ্চাৰ গুৰুত্বপূৰ্ণ বৈঠক... 
গুৱাহাটী

উপ-নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ অসম সন্মিলিত মৰ্চাৰ গুৰুত্বপূৰ্ণ বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব অসম প্ৰদেশ কংগ্ৰেছে। ৰাজীৱ ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব এই সন্দৰ্ভত। বৈঠকত উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ বিষয়ববায়ীৰ লগতে তত্বৱধায়ক জীতেন্দ্ৰ সিং।

এই সন্দৰ্ভত কথা পাতিবলৈ বিয়লি ৩-৩০ বজাত আন এখন বৈঠকো আয়োজন কৰিছে বিৰোধীয়ে। হোটেল লিলিত অনুষ্ঠিত হ'বলগীয়া অসম সন্মিলিত মৰ্চাৰ বৈঠকত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব কংগ্ৰেছে।

ইতিমধ্যে পাঁচটা সমষ্টিৰ ভিতৰত অন্ততঃ এটা সমষ্টি অসম সন্মিলিত মৰ্চাৰ মিত্ৰদলক এৰি দিবলৈ কংগ্ৰেছক অনুৰোধ জনাইছে যদিও সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব এই বৈঠকত।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈকে ধৰি আন আন মিত্ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, অহা ১৩ নৱেম্বৰত অসমৰ ৫ টা বিধানসভা সমষ্টি ক্ৰমে ধলাই, ছিদলী, বঙাইগাওঁ, চামগুৰি আৰু বিহালী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব।