আজি ASP অনলজ্যোতি দাস হাজিৰ হ'ব লাগিব চি আই ডিৰ কাৰ্যালয়... 
গুৱাহাটী

আজি ASP অনলজ্যোতি দাস হাজিৰ হ'ব লাগিব চি আই ডিৰ কাৰ্যালয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ এই তদন্তকাৰী গোটে পুনৰ আন এজন এ পি এছ বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছি।

এইগৰাকী এ পি এছ বিষয়া হৈছে অনলজ্যোতি দাস। এ পি এছ অনলজ্যোতি দাস ৫ জানুৱাৰী, শুকুৰবাৰে চি আই ডিৰ কাৰ্যালয়ত এছ আই টিৰ সন্মুখত হাজিৰ হ'বলাগিব। ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অনলজ্যোতিক ইতিমধ্যে নিলম্বন কৰা হৈছে।