গুৱাহাটী

অনলাইন পদ্ধতিৰে হ'ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ "দৰ্পণ নামভৰ্তি পৰ্টেল" মঙলবাৰৰ পৰা মুকলি কৰা হৈছে।

এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in ৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব।

আজিৰে পৰা ২মে' পৰ্য্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব। এনে আবেদনৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে ৩মে'ৰ পৰা ৪ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা তালিকা, অপেক্ষাৰ তালিকা প্ৰস্তুত কৰিব। ৬ মে'ৰ পৰা ৮ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠান সমুহত নামভৰ্তি কৰিব লাগিব।