অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল... 
গুৱাহাটী

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰৰ স্বাক্ষৰিত এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়াক ৰদবদল কৰা হৈছে।

সেই অনুসৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক আই পি এছ বিষয়া এ ৱাই ভি কৃষ্ণক এছ টি এফৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁৰ হাতত থাকিব চি আই ডি আৰু বি আই ই অ'ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব।

আই জি পি অশিলেখ কুমাৰ সিঙক (এছ টি এফ)কো বদলি কৰা হৈছে। তেওঁক আই জি পি (T&AP) হিচাপে বদলি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত তেওঁ এই দায়িত্বতে থাকিব।

ইফালে ৩১ মাৰ্চ ২০২৩ ৰ বিভাগীয় পূৰ্বৰ নিৰ্দেশনা অনুসৰি আই পি এছ দিলীপ কুমাৰ দে'ক (WR) বঙাইগাওঁৰ পৰা এছ টি এফৰ আই জি পি হিচাপে বদলি কৰা হৈছিল। কিন্তু নতুন নিৰ্দেশনা অনুসৰি তেওঁৰ পুনৰ পূৰ্বৰ দায়িত্ব প্ৰদান কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত তেওঁ তাতেই থাকিব লাগিব।

আনহাতে আই জি পি (L&O, STF & Northern Range ) প্ৰশান্ত কুমাৰ ভূঞাক এছ টি এফৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁ আই জি পি (L&O & Northern Range) হিচাপে কৰ্তব্য পালন কৰিব।