অসম ৰ'ফিং উদ্যোগে জন জীৱনলৈ মাতিছে বিপদঃ স্বাস্থ্য বিভাগৰ অভিযানতে ভয়ংকৰ তথ্য প্ৰকাশ  
গুৱাহাটী

অসম ৰ'ফিং উদ্যোগে জন জীৱনলৈ মাতিছে বিপদঃ স্বাস্থ্য বিভাগৰ অভিযানতে ভয়ংকৰ তথ্য প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ নাৰেংঙ্গী-বোন্দাস্থিত অসম ৰ'ফিং উদ্যোগে যোৱা কেইবাবছৰধৰি বৃহত্তৰ নাৰেঙ্গী, বোন্দা বীৰকুছি অঞ্চলত প্ৰদূষণ সৃষ্টি কৰাৰ অভিযোগ উঠি থকাৰ সময়তে তেওঁলোকৰ ব্যৱস্থাপনাত চলি থকা 'চিকিৎসা সেৱা কেন্দ্র'তো সম্পূর্ণ অর্হতা সম্পন্ন ব্যক্তিৰ অনুপস্থিতিত পৰিচালিত হৈ থকাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা স্বৰজমিন তদন্ত কৰি দোষী সাব্যস্ত কৰাৰ তথ্য পোহৰলৈ আহিছে।

সামাজিক দায়িত্ব ক্ষেত্ৰত তেওঁলোকে পৰিচালনা কৰি থকা উক্ত স্বাস্থ্যকেন্দ্ৰটোত বছৰি কেইবা লাখ টকা খৰচ কৰা দেখুৱাইছে যদিও সেই তথ্য শুদ্ধ নহয় আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসাধু পন্থা লৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। স্বাস্থ্য বিভাগৰ যৌথ সঞ্চালকে যোৱা ৯ এপ্রিলত প্ৰেৰণ কৰা পত্র (পত্র নং Esst / JT. DHS, K(M) 2024/C/1628) যোগে তেওঁলোকক বহু বিসংগতি ধৰা পেলায় আৰু তাৎক্ষণিকভাবে বিহিত ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে যক্ষ্মা ৰোগ চিনাক্তকৰণৰ যি ব্যৱস্থা ৰখা আছে, তাত নিযুক্তি দিয়া জনৈক গোবিন্দ থাপাৰ কোনো শিক্ষাগত অর্হতা নাই আৰু ৰোগী পৰীক্ষাৰ পিছত অৱসিষ্ট নমুনাসমূহ কোনো বৈজ্ঞানিক ব্যৱস্থাৰে নষ্ট বা বিজাণু ধ্বংস কৰা হোৱা নাই। এয়া এক অতি স্পর্শকাতৰ আৰু অঞ্চলটোত যক্ষ্মা ৰোগ বিয়পোৱাৰ আশংকা কৰা হৈছে।

আনহাতে তেওঁলোকে সম্পূর্ণ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা বুলি প্ৰচাৰ চলাইছে যদিও স্বাস্থ্য বিভাগৰ অভিযানত ধৰা পৰে যে, তেওঁলোকে প্রত্যেকজন ৰোগীৰ পৰা ৰেজিষ্ট্রেশনৰ নামত অতিৰিক্ত ধন লৈ আছে। উল্লেখযোগ্য যে একেটা চৌহদত থকা তিনিটা বৃহৎ উদ্যোগ এককভাবে পৰিচালনা কৰা এই চিকিৎসা সেৱা কেন্দ্রটোত তেওঁলোকৰ উৎপাদন শাখাৰ কৰ্মচাৰীসকলেও পোৱা নাই প্রাপ্য চিকিৎসাৰ সুবিধা।

অভিযোগ অনুসৰি যিহেতু এছবেটাছ প্রস্তুত কৰোঁতে বহুতো বিষাক্ত ৰাসায়নিক দ্রব্য ব্যৱহাৰ হয়, সেয়েহে আইন মতে প্রত্যেক কৰ্মচাৰীক বছৰে বছৰে সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰাটো বাধ্যতামূলক আৰু অৱসৰৰ পিছতো পাঁচ বছৰলৈ এনে কৰ্মচাৰীক স্বাস্থ্যৰ যত্ন তথা পৰীক্ষা কৰাটো বাধ্যতামূলক। কিন্তু বাস্তৱক্ষেত্রত সেয়া হোৱা নাই বুলি কৰ্মচাৰীৰ ফালৰ পৰা অভিযোগ উঠিছে।

স্থানীয় নাগৰিক সমাজৰ সভাপতি কিৰণ মহন্তৰ নেতৃত্বত বহুবাৰ কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে আৰু অসম প্রদূষণ নিয়ন্ত্রণ ব'র্ডকো অভিযোগনামা দাখিল কৰিছে যদিও কোনোধৰণৰ সুফল পোৱা নাই। এই উদ্যোগৰ কাষৰীয়া অঞ্চলটোত কোনোধৰণৰ গছপুলি বা ৰবি শস্য উৎপাদন কৰিব নোৱাৰে, মাজ নিশা উচ্চ চাপযুক্ত যন্ত্ৰৰ জৰিয়তে উদ্যোগৰ গেছ আৰু ধোঁৱা নিষ্কাষণ কৰি এই বৃহত্তৰ অঞ্চলটো সম্পূর্ণ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে।

টিনৰ ওপৰ ভাগত কৰা গেভেনাইজিঙৰ প্ৰলেপৰ বাবে উদ্যোগটোত জিং ধাতু জুইৰ দ্বাৰা গলোৱা হয় আৰু ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ছাই আৱাসিক অঞ্চলৰ বৃক্ষৰ পাতত কলছোৱা প্রলেপ পেলায় আৰু পৰৱৰ্তী সময়ত বৃক্ষজোপা লাহে লাহে শ্রীবৃদ্ধি বন্ধ হৈ মৃত্যুবৰণো কৰে। তদুপৰি প্রদূষণ নিয়ন্ত্রণ আইন অনুযায়ী উদ্যোগটোত ব্যৱহৃত সকলো বর্জিত পানী আৰু জুলীয়া দ্রব্য বৈজ্ঞানিক ব্যৱস্থাৰে শোধন কৰি কাষৰ নৰ্দমাত পেলাব লাগে। কিন্তু এই উদ্যোগটোৱে নিষ্কাষিত পানী সম্পূর্ণ শোধন নকৰাকৈ উদ্যোগৰ চৌহদৰ পৰা উলিয়াই দিয়ে।

তদুপৰি উদ্যোগত ব্যৱহাৰ কৰিবলৈ আঠটাকৈ ভূ-পৃষ্ঠৰ গভীৰ পানীৰ ব'ৰিং নাদ স্থাপন কৰাত অঞ্চলটোত সাধাৰণ আৱাসীৰ খোৱাপানীৰ ক্ষেত্ৰত এক জটিল ৰূপ ধাৰণ কৰিছে। এই ক্ষেত্ৰত যদিও চৰকাৰে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কোনো বাস্তবধর্মী ব্যৱস্থা গ্রহণ নকৰে, তেন্তে শীঘ্রে স্থানীয় ৰাইজে এক প্রতিবাদী আন্দোলন কৰাৰ বাবে প্ৰস্তুত হৈছে।