অসম সাংস্কৃতিক মহাসংগ্ৰামত ভাগ লবলৈ আহি নিশা এপৰলৈ হোটেলৰ বাহৰিত থাকিল ৪০/৪৫ গৰাকী কিশোৰী... 
গুৱাহাটী

অসম সাংস্কৃতিক মহাসংগ্ৰামত ভাগ লবলৈ আহি নিশা এপৰলৈ হোটেলৰ বাহৰিত থাকিল ৪০/৪৫ গৰাকী কিশোৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠিত হোৱা 'অসম সাংস্কৃতিক মহাসংগ্ৰাম'ৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহি বিপদত পৰিল তিনিচুকীয়া জিলাৰ প্ৰায় ৪০ ৰ পৰা ৪৫ গৰাকী প্ৰতিযোগী।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰে প্ৰতিযোগিৰ আগমণ ঘটিছে। শনিবাৰে তিনিচুকীয়া জিলাৰ পৰা আহি উপস্থিত হোৱা ৪০-৪৫ জনীয়া এটা দলে নিশা হোটেলৰ বাহিৰতে থাকিবলগীয়া হোৱা ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অধিকাংশ কিশোৰীৰ এই দলটোৱে নিশা গুৱাহাটীৰ হোটেল টকিঅ' টাৱাৰৰ সন্মুখতে টালি টোপোলা লৈ বহি থাকিবলগীয়া হয়। অভিভাৱকৰ অনুপস্থিতিত গুৱাহাটীলৈ অহা এই কিশোৰ-কিশোৰীৰ দলটো নিশা ১২ বজাৰো পাছতো হোটেলৰ বাহিৰত বহি থাকিবলগীয়া হোৱাত এক প্ৰকাৰে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

অভিযোগ অনুসৰি তেওঁলোকৰ বাবে আয়োজকে হোটেলৰ কোঠা নিৰ্দিষ্ট কৰি থোৱাৰ কথা আছিল যদিও তেওঁলোকৰ নামত তেনে কোনো হোটেলৰ কোঠা বুকিং কৰা হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত হোটেলৰ বাহিৰতে তেওঁলোক বহি থাকিবলগীয়া হয়।

ফলত ক্ষোভোত ফাটি পৰা একাংশ কিশোৰীয়ে সংবাদ মাধ্যমৰ আগত ক'লে যদিহে সঠিক আৰু উপযুক্ত ব্যৱস্থাপনা কৰিব নোৱাৰে তেন্তে এনে অনুষ্ঠান পতাৰ কোনো প্ৰয়োজন নাই।

ইফালে এনে পৰিৱেশৰ মাজতে হোটেলখনত মাত্ৰ এটা কোঠাৰ ব্যৱস্থা কৰি দিয়া হয়। এই কোঠাটোও আকৌ ৩২ গৰাকী কিশোৰী (নাচনী)ৰ বাবে দিয়া হয়। ফলত মাত্ৰ এটা কোঠাত ৩২ গৰাকী কিশোৰীয়ে কিদৰে থাকিব তাক লৈও প্ৰশ্ন উত্থাপিত হয় আৰু উত্তেজিত হৈ পৰে।

ৰাজ্যিক ভিত্তিত চৰকাৰে অনুষ্ঠিত কৰা এখন প্ৰতিযোগিতাৰ ক্ষেত্ৰত এনে চূড়ান্ত বিশৃংখল পৰিস্থিতিৰ সূচনা হোৱা বিষয়টোক সহজভাৱে ল'ব বিচৰা নাই এইসকল কিশোৰ-কিশোৰীৰ লগত অহা নেতৃত্বশীল লোকসকলে। একেদৰে তেওঁলোকে নিশা ১২ বজাৰ পিছতো হোটেলৰ বাহিৰত টালি-টোপোলা লৈ বহি থাকিবলগীয়া হোৱা দৃশ্য প্ৰত্যক্ষ্য কৰি তেওঁলোকৰ অভিভাৱকসকলো ক্ষোভিত হৈ পৰিছে বুলি জানিব পৰা গৈছে।