গুৱাহাটী

বহিৰাগত বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে সংবাদমেলযোগে অসমীয়া যুৱ মঞ্চৰ কঠোৰ সকিয়নী

সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ ওপৰত চলোৱা কদর্য লুণ্ঠন আৰু বৈশ্যক প্ৰাণে মৰাৰ ষড়যন্ত্ৰৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী : বিশিষ্ট সমাজকর্মী, জাতীয়তাবাদী আৰু মানৱ অধিকাৰ আন্দোলনৰ একনিষ্ঠ কর্মী তথা লেখক ৰাজকুমাৰ বৈশ্যক পৱন আগৰৱালা নামৰ এজন বহিৰাগত বিল্ডাৰে চলোৱা কদর্য লুণ্ঠন কাৰ্যৰ বিৰুদ্ধে বুধবাৰে জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী মহানগৰ সমিতি। বিল্ডাৰজনে ২৪ ঘণ্টাৰ ভিতৰত এই অসৎ কাৰ্য বন্ধ নকৰিলে বিল্ডাৰৰ "CAM QUEST" নামৰ ব্যৱসায়ীক প্রতিষ্ঠানত টলা লগোৱা হ'ব বুলি সংগঠনটোৱে সংবাদমেল সম্বোধন কৰি কঠোৰ ভাষাৰে সকিয়াই দিয়ে।

উল্লেখযোগ্য যে- ২০১৪ চনত বৈশ্যই চকুৰ গ্লোকোমা ৰোগত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ ধনৰ প্রয়োজন হোৱাত তেওঁৰ আত্মীয়সকলে পৱন আগৰৱালা নামৰ এজন বিল্ডাৰক বৈশ্যই পৈতৃক সূত্রে লাভ কৰা এক কঠা পাঁচ লেচা জমি গৃহ নিৰ্মাণৰ বাবে চুক্তি কৰি দিয়া দিছিল। চুক্তি মতে দুটা ফ্লেট আৰু অট্টালিকাটোৰ পিছফালৰ সম্পূৰ্ণ পার্কিং এলেকা বৈশ্যৰ নামত পঞ্জীয়ন কৰা আছিল।

কিন্তু বৈশ্যই হাস্পতালত থকাৰ সুযোগত বিল্ডাৰজনে বৈশ্যৰ নামত থকা আন চাৰি লেচা মাটিও দখল কৰি লৈছিল। ইয়াৰ উপৰিও বৈশ্যক দিবলগীয়া ২৫ লাখ টকাও আজিলৈ আদায় দিয়া নাই বুলি বিজ্ঞপ্তিত উল্লেখ কৰে।

সংবাদমেলযোগে জানিবলৈ দিয়ে যে পৌৰ নিগমৰ নিয়ম মতে চেপটিক টেঙ্ক নির্মাণ নকৰি বৈশ্যৰ ব্যক্তিগত জমিত পূৰ্বৰে পৰা থকা চেপটিক টেঙ্কটোকে এতিয়াও ব্যৱহাৰ কৰি আছে। আনহাতে বিল্ডাৰে বৈশ্যৰ পৰা এটা পার্কিং ভাৰা লৈছিল। আজি ৮ বছৰে মুঠ তিনি লাখ টকা পার্কিঙৰ বাবদ এতিয়াও দিবলৈ বাকী আছে।

বিজ্ঞপ্তিত উল্লেখ কৰা মতে আন এক গুৰুত্বপূৰ্ণ অভিযোগ হৈছে- বিল্ডাৰে পৌৰ নিগমৰ অনুমতি উলংঘা কৰি ১২৭০ বর্গফুট এলেকা অবৈধভাৱে নিৰ্মাণ কৰিছিল। যাৰ ফলত উক্ত অবৈধ নিৰ্মাণ ভাঙিবলৈ পৌৰ নিগমে বৈশ্যক জাননী জাৰী কৰিছে।

যোৱা ২৯/০৭/২০২৪ আৰু ০৭/০৮/২০২৪ত বিল্ডাৰৰ নামত দুজন অজ্ঞাত লোকে বৈশ্যক হত্যাৰ চেষ্টাও কৰিছিল বুলি জানিবলৈ দিয়ে। ঘটনা সম্বন্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল বুলি উল্লেখ কৰে। বিল্ডাৰে আজিলৈ পৌৰনিগমৰ পৰা অট্টালিকাটো নির্মাণ সম্পূৰ্ণ হোৱা প্ৰমাণ পত্রও লোৱা নাই স্পষ্ট ভাষাৰে মন্তব্য কৰে সংগঠনটোৱে।

বিল্ডাৰৰ এই দুষ্কাৰ্যৰ প্ৰধান সহযোগী হৈছে বিতর্কিত শিক্ষয়িত্রী CBI ৰ জালত বন্দী গায়েত্রী শইকীয়া আৰু তেওঁৰ স্বামী হেমচন্দ্ৰ বৰা। উল্লেখ্য যে হেম চন্দ্ৰ বৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৰ অতিৰিক্ত মুখ্য অভিযন্তা আছিল।

বহু কোটি টকা আত্মসাৎ কৰা অভিযোগত CBI য়ে গ্ৰেপ্তাৰ কৰি বৰাক তিহাৰ জেলত ৰাখিছিল। সম্প্রতি জামিনত আহি ঘৰতে আছে আৰু বিল্ডাৰৰ সৈতে সমাজবিৰোধী কাম কৰি থকা বুলি বিজ্ঞপ্তিত উল্লেখ কৰে অসমীয়া যুৱ মঞ্চ মহানগৰ সমিতিয়ে।

গায়েত্রী শইকীয়া ভাস্কৰ বিদ্যাপীঠত শিক্ষয়িত্ৰী কাম কৰে যদিও স্বামী হেমচন্দ্ৰ বৰাৰ অবৈধ ধনৰ সৰবৰাহ কৰা অভিযোগত CBI ৰ জালত বন্দী হৈ আছে। এই দম্পতিহালে বৈশ্যক অবর্ণনীয় মানসিক হাৰাশাস্তি কৰি আছে আৰু বৈশ্যৰ নামত থকা পার্কিং দখল কৰিবলৈ চেষ্টা চলাই আছে।

বিল্ডাৰে এই দুষ্কাৰ্যসমূহ সংঘটিত কৰি বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে। বিল্ডাৰে সৃষ্টি কৰা এক অৰাজক আৰু আতংকময় পৰিস্থিতিৰ বিৰুদ্ধে চৰকাৰ ব্যৱস্থা ল’বলৈ সংবাদমেলযোগে সংগঠনটোৱে আহ্বান জনায়। ইতিমধ্যে বিল্ডাৰৰ এই দুষ্কাৰ্যসমূহৰ বিৰুদ্ধে ৰাজকুমাৰ বৈশ্যই দিশপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে সংবাদমেলত সংগঠনটোৰ নেতৃত্বই কৰা দাবীকেইটা হৈছে-

  • ৰাজকুমাৰ বৈশ্যক দিবলৈ বাকী থকা সমূহ ধন ক্ষতিপূৰণসহ অহা ২৪ ঘণ্টাৰ ভিতৰত আদায় দিয়া।

  • বিল্ডাৰে পৌৰ নিগমৰ বিধি উলংঘা কৰি যি বিবাদ সৃষ্টি কৰিছে তাক নিষ্পত্তি কৰা।

  • বৈশ্যৰ ব্যক্তিগত জমিৰ পৰা চেপটিক টেঙ্ক স্থানান্তৰ কৰা।