গুৱাহাটী

জালুকবাৰীত স্মৃতিগ্ৰন্থ "অতীতক নেযাবা পাহৰি" উন্মোচন...

দেৱেন্দ্ৰনাথ ‌দাসৰ বিশাল ব্যক্তিত্ব আৰু কৰ্মৰাজীৰ ওপৰত আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন অসমীয়া গৱেষকৰ অসমীয়া লিপিযন্ত্ৰ চালক, বিশিষ্ট সমাজসেৱক, চিন্তাবিদ দেৱেন্দ্ৰনাথ ‌দাসৰ স্মৃতিচাৰণ সভা শনিবাৰে অনুষ্ঠিত কৰা হয়। লগতে প্ৰয়াত দাসৰ‌ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি স্মৃতিগ্ৰন্থ "অতীতক নেযাবা পাহৰি" প্ৰকাশ কৰা হয়।

স্মৃতিগ্ৰন্থখনৰ শুভ উন্মোচনী সভাখন জালুকবাৰীৰ সমীপৰ গাড়ীগাঁও উদয়পাৰাস্থিত নিজ বাসভৱনত আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত কৰা হয়। বিশ্বৰত্ন‌ ড০ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য, কবি, সাংবাদিক দীপক শৰ্মাই ।

শাখা সাহিত্য সভাৰ সভাপতি তথা কবি হৃষিকেশ দাসে আঁত ধৰা,‌আদৰণি ভাষণ দিয়া সভাত জ্যোৎস্না কলিতা সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক‌, সাহিত্যিক পেঞ্চনাৰ কমল কলিতাই।

কলিতাই কয়- "দেৱেন্দ্ৰনাথ ‌দাস অতি সৰল, অমায়িক, শান্তিপ্ৰিয়, সমাজপ্ৰিয়, মৰমিয়াল লোক আছিল। ভাল মানুহক মানুহে সদায় মনত ৰাখে।"

সভাত মুখ্য অতিথি হিচাপে সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তথা ৰাজ্য চৰকাৰৰ 'কৰ্মশ্ৰী' সন্মানপ্ৰাপক নৃপেন দাস উপস্থিত থাকে। লগতে বিশিষ্ট অতিথি হিচাপে ১নং ৱাৰ্ড উন্নয়ন সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক হৰেণ চন্দ্ৰ দাস, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া বিমল জ্যোতি মালাকাৰ, বিশিষ্ট কবি ড০ আদিল আলী, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালী উপস্থিত থাকে।

আটাইকেইগৰাকীয়ে প্ৰয়াত দেৱেন্দ্ৰনাথ ‌দাসৰ বিশাল ব্যক্তিত্ব, কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। সভাৰ পূৰ্বে প্ৰয়াত দেৱেন্দ্ৰনাথ ‌দাসৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে প্ৰয়াত দাসৰ‌ পত্নী অঞ্জলি দাস, পুত্ৰ জনাৰ্দন দাস, সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰে।