ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল বকোৰ যোগীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এই ঘটনাই এতিয়া অঞ্চলবাসীৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে।
ঘটনা অনুসৰি যোগীপাৰৰ এজন স্বামীয়ে পত্নীক বিহপান কৰোৱাই হত্যাৰ চেষ্টা কৰে। স্বামীৰ এই কুকাৰ্য্যৰ বলি হোৱা পত্নীগৰাকীক অতি সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে জি এম চি এইচত ভৰ্তি কৰোৱায়।
হাস্পতালত জীৱন- মৃত্যুৰে যুঁজি থকা ভুক্তভোগী মহিলাগৰাকীয়ে অৱশেষত সোমবাৰে শেষনিশ্বাস ত্যাগ কৰে। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোক জি এম চি এইচত উপস্থিত হৈছে।
ইফালে পত্নীৰ এই অনাকাঙ্খিত ঘটনাৰ পাছতে ঘৰ এৰি পলায়ন কৰে স্বামী তথা অভিযুক্ত মহাদেৱ দাস। উল্লেখযোগ্য যে মহাদেৱ দাস পেছাত এগৰাকী গাঁওবুঢ়া।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ধৃত মহাদেৱে ৪ দিন পূৰ্বেই পত্নীক বিহপান কৰোৱাই হত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে কি কাৰণে তেঁও এনে কুকৰ্ম কৰিলে, সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই।