গুৱাহাটী

'বন্দিতা বৰা সোঁৱৰণি আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা' সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰতিবছৰৰ দৰে এইবছৰো “বন্দিতা বৰা সোঁৱৰণি আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা“ অনুষ্ঠিত কৰা হয়। মেধাবী ছাত্ৰী বন্দিতা বৰাৰ সোঁৱৰণত এইবেলি পঞ্চম বাৰৰ বাবে মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫টা দলৰ ৩০গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৷

৫ নবেম্বৰ ২০২৩, দেওবাৰে অনুষ্ঠিত হোৱা এইবেলিৰ প্ৰতিযোগিতাত অধ্যক্ষৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিদুলা শৰ্মাই। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে উওৰ লক্ষ্মীমপুৰ জিলাৰ খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে এছ এফ এছ , গুৱাহাটীয়ে।

প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে এছ এফ এছ গুৱাহাটীৰ‌ সৃষ্টি শৰ্মাই। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে অসম জাতীয় বিদ্যালয়ৰ ঋতুমল্লিকা গোস্বামীয়ে। আনহাতে তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে মহৰ্ষি বিদ্যা মন্দিৰ, শিলপুখুৰীৰৰ দেবাংশ পান্ডেই ।

প্ৰতিযোগিত খনত বিচাৰকৰ আসন শুৱনি কৰে ক্ৰমে দিপক শৰ্মা, প্ৰাণজিৎ দাস আৰু বিশালদ্বীপ‌ কাকতিয়ে । উল্লেখযোগ্য যে, প্ৰতিবছৰে এইদৰে মেধাবী ছাত্ৰী বন্দিতা বড়াৰ সোঁৱৰণত অনুষ্ঠিত কৰি অহা হৈছে এই বিদ্যালয় ভিত্তিক তৰ্ক প্ৰতিযোগিতা‌।