'বাৰ্তাপখিলী'ৰ ২০২৪ বৰ্ষৰ পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ঘোষণা... 
গুৱাহাটী

'বাৰ্তাপখিলী'ৰ ২০২৪ বৰ্ষৰ পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ঘোষণা...

৩ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰিব এই বঁটা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ 'বাৰ্তাপখিলী' আলোচনীয়ে প্ৰদান কৰা 'পুষ্পাদেৱী জালান' সোঁৱৰণি সাহিত্য বঁটা ঘোষণা। এইবাৰ এই বঁটা প্ৰদান কৰা হ'ব ড০ মুক্তা বিশ্বাসলৈ।

ড০ বিশ্বাসক তেওঁৰ 'উপনিষদৰ ভাবাদৰ্শত মানৱতাবাদ' শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। অহা ৩ নৱেম্বৰৰ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব।