গুৱাহাটী

বেলতলাত চাঞ্চল্যকৰ কাণ্ড : দেৱাল পাৰ হৈ মহিলাই চুৰি কৰি নিলে ই-ৰিক্সাৰ বেটাৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বেলতলাৰ ত্ৰিপুৰা ৰোডৰ উদয়ন পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। বুধবাৰে পুৱা প্ৰায় ৫ বজাত বেলতলাৰ উদয়ন পথৰ এটা পৰিয়ালৰ চৌহদৰ ভিতৰত সোমাই এগৰাকী মহিলাই চুৰি কৰি নিলে এটা ই-ৰিক্সাৰ বেটাৰী।

উক্ত পৰিয়ালটোৰ চৌহদত থকা চি চি টিভি কেমেৰাত বন্দি হৈ চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা। চিচি টিভি কেমেৰাত দেখা ভিজুৱেল অনুসৰি এগৰাকী মহিলাই মুখত কাপোৰ মেৰিয়াই আহি চৌহদটোৰ সীমাৰ দেৱাল পাৰ হৈ চৌহদটোত প্ৰৱেশ কৰে আৰু ই ৰিক্সাৰ বেটাৰী চুৰি কৰি পুনৰ দেৱাল বগাই পাৰ হৈ যায়।

এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত অঞ্চলটোত কেইবাটাও চুৰিকাণ্ড সংঘটিত হৈছে। চি চি ভিজুৱেল আৰক্ষীক দিয়াৰ পিছতো আৰক্ষীয়ে আজি পৰ্যন্ত কৰায়ত কৰিব পৰা নাই এজনো চোৰ।