গুৱাহাটী

ৰাজ্যৰ ১৪টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বিজুলী কলিতা মেধীঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এই অঞ্চলত ভোট বিচাৰিব নালাগে। এই অঞ্চলৰ ১০০ শতাংশ মানুহে বিজেপিত ভোট প্ৰদান কৰে। ইয়াত আহি ভোট বিচৰাৰ প্ৰশ্নই নুঠে। নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা কেৱল যাতে নিজৰ মানুহখিনিক লগ পাওঁ, আশীষ লব পাৰো সেইবাবেই আজি ইয়ালৈ আহিছোঁ। আজি গুৱাহাটীৰ ফটাশিল আমবাৰিত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ সমৰ্থনত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

তেওঁ ভাষণত কয় যে, এই অঞ্চল ৰাইজ সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আছে। জিএমচি নিৰ্বাচনৰ পৰা আদি কৰি সকলো নিৰ্বাচনতে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সদায় বিজেপিক ভোট প্ৰদান কৰি আহিছে আৰু আগন্তুক দিনতো বিজেপিৰ প্ৰতি আস্থা ৰাখিব বুলি মঞ্চৰ পৰাই উপস্থিত ৰাইজক সেৱা জনায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ভাষণত তেওঁ কয় যে, গুৱাহাটীবাসীক উন্নয়নৰ কথা কবলৈ প্ৰয়োজন নাই।

মহানগৰবাসীয়ে ওলাই গলেই চৰকাৰৰ উন্নয়নমূলক কাম-কাজ নিজ চকুৰে দেখি আহিছে। ৰাইজে দেখিলেই গম পায় য়ে, চলিত চৰকাৰে অতি কম সময়ৰ ভিতৰত বিপুল পৰিমাণৰ উন্নয়নমূলক কাম-কাজ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰীত নৱনিৰ্মিত কেইবাখনো উৰণীয়া সেতু, দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি আহ্বান জনায় যে, আগন্তুক নিৰ্বাচনত যাতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীক ১৪টা সমষ্টিৰ ভিতৰত আটাইতকৈ অধিক ভোটৰ ব্যৱধানত জয় যুক্ত কৰে।

গুৱাহাটী লোকসভা সমষ্টিত অসমৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বতৰে বিধি-পথালি দিলেও যাতে ভোটদানৰ দিনা ১০০ শতাংশ ভোট নিশ্চিত হয় তাৰ পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায় মন্ত্ৰী বৰুৱাই। বিজেপিৰ পক্ষত যাতে ভোট প্ৰদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিব পাৰি তাৰ বাবে আগবাঢ়িবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।