কল চেণ্টাৰ গোচৰত জামিন পালে ৫৩ জনেঃ প্ৰতি সপ্তাহে হাজিৰ হ'ব লাগিব ক্ৰাইম ব্ৰাঞ্চত... 
গুৱাহাটী

কল চেণ্টাৰ গোচৰত জামিন পালে ৫৩ জনেঃ প্ৰতি সপ্তাহে হাজিৰ হ'ব লাগিব ক্ৰাইম ব্ৰাঞ্চত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কল চেণ্টাৰৰ গোচৰত আজি জামিন লাভ কৰিলে ৫৩ গৰাকী অভিযুক্তই। অৱশ্যে এই ক্ষেত্ৰত এইসকলে মানি চলিব লাগিব এক বিশেষ চৰ্ত। প্ৰতি সপ্তাহে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব তেওঁলোক।

২৬ ডিচেম্বৰলৈকে তেওঁলোকক এইদৰে হাজিৰ হোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ। যিহেতু এই অভিযুক্তসকলৰ অধিকাংশই বৰ্হিৰাজ্যৰ সেয়ে তেওঁলোকৰ অধিকাংশই গুৱাহাটীৰ হোটেলে হোটেলে বাহৰ পাতিছে।

স্মৰ্তব্য যে, এইসকলে বিভিন্ন ৱেব চাইটত লাভ কৰা বিজ্ঞাপনৰ ভিত্তিত অসমলৈ সংস্থাপনৰ আশাত আহিছিল। ইয়াৰ পাছতে তেওঁলোকক বি পি অ' চাকৰি দিয়াৰ নামত কল চেণ্টাৰত নিয়োগ কৰা হৈছিল।

এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল ডেভিড, ৰাজন, দিব্যম। জানিব পৰা মতে অভিযুক্তৰ ৯৯ শতাংশই উচ্চ শিক্ষিত। এই বৃহৎ গেংটোৰ মূল অভিযুক্ত সুশীল সহদেৱ এতিয়াও পলাতক হৈ আছে। ফলত ইতিমধ্যে গ্ৰেপ্তাৰহোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।