ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ত সাংবাদিকৰ বাবে বিশেষ অনুষ্ঠানঃ পীযুষ হাজৰীকাৰ অংশগ্ৰহণ  
গুৱাহাটী

ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ত সাংবাদিকৰ বাবে বিশেষ অনুষ্ঠানঃ পীযুষ হাজৰীকাৰ অংশগ্ৰহণ

Asomiya Pratidin

ডিজিটেল সংবাদ দিছপুৰঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ৰাজ্যখনৰ কেইবাখনো জিলাৰ সাংবাদিকসকলৰ বাবে ড্ৰাগছৰ ভয়াবহতা বিষয়ত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যৰ দৰং, নলবাৰী, কামৰূপ (মহানগৰ), কামৰূপ, মৰিগাঁও আৰু নঁগাও জিলাৰ মুঠ প্ৰায় ৭৪ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰা আজিৰ এই বিশেষ প্ৰশিক্ষণ অনুষ্ঠানত বিভাগীয় বিশেষজ্ঞ আৰু অসম আৰক্ষীৰ বিষয়াই ড্ৰাগছৰ ভয়াবহতা আৰু অসমত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে ।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। ভৌগোলিকভাৱে অসম তথা উত্তৰ-পূৱ ভাৰত অবৈধ ড্ৰাগছ ব্যৱসায়ীসকলৰ বাবে এক সুন্দৰ অঞ্চল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে যিমানেই প্ৰয়াস নকৰক লাগিলে সাধাৰণ মানুহৰ মাজত ইয়াৰ বিৰুদ্ধে সজাগতা নাথাকিলে ৰাজ্যখন কেতিয়াও ড্ৰাগছমুক্ত হ’ব নোৱাৰিব।

ড্ৰাগছ অথবা মাদক দ্ৰব্যৰ দৰে নিচাই তিল তিলকৈ এখন ঘৰ ধ্বংস কৰি সমাজখনকো ধ্বংসৰ দিশেৰে লৈ যায় বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ড্ৰাগছৰ ভয়াবহতা নিজে নেদেখিলে সম্পূৰ্ণৰূপে অনুভৱ কৰিব পৰা নাযায়। আনহাতে আজি উপস্থিত থকা অংশগ্ৰহণকাৰী সাংবাদিকসকলক উদ্দেশ্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সাংবাদিকসকল প্ৰকৃততে তেওঁলোকৰ নিজা অঞ্চলসমূহত একোগৰাকী সমাজ সংগঠকো। সাংবাদিকতাৰ উপৰি এওঁলোক নিজ নিজ অঞ্চলত ৰাজহুৱা অনুষ্ঠান, সমাজ ব্যৱস্থাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত।

গতিকে ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ উপৰি নিজ নিজ অঞ্চলত, ৰাইজৰ মাজত ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সাংবাদিকসকলক কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যিসকল ব্যক্তি ড্ৰাগছৰ কবলত পৰিছে তেওঁলোককো আমি অষ্পৃশ্য জ্ঞান নকৰি সমাজৰ মূল সুঁতিলৈ উভতাই আনিবলৈ প্ৰয়াস কৰিব লাগে।

আজিৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত জিলা সত্ৰ ন্যায়াধীশ ড° থানেশ্বৰ কলিতা, জ্যেষ্ঠ সাংবাদিক ড° সমুদ্ৰ গুপ্ত কাশ্যপ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তাসহ আন বিভাগীয় বিষয়া আৰু বিশেষজ্ঞ উপস্থিত আছিল।