গুৱাহাটী

অসম সাহিত্য সভাৰ প্ৰাক্তন সচিব তথা চলচ্চিত্ৰ সাংবাদিক চন্দন শৰ্মা আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাৰ প্ৰাক্তন সচিব, চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ সাংবাদিক চন্দন শৰ্মাৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে। জানিব পৰামতে দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল চন্দন শৰ্মা।

বুধবাৰে বিয়লি ৩-৫৮ বজাত গুৱাহাটীস্থিত ডা০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাতে শৰ্মাই জীৱনৰ শেষ নিশ্বাস ত্যাহ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

মৃ্ত্যুৰ সময়ত প্ৰয়াত শৰ্মাই মাতৃ, পত্নী, এহাল পুত্ৰ-কন্যাৰ লগতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰ এৰি থৈ যায়। ইফালে শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰোপৰি বিভিন্ন ব্যক্তি তথা অনুষ্ঠান আদিয়েও শোক প্ৰকাশ কৰে।