দৰিদ্ৰ ৰোগীৰ শেষ ভৰসা GMCH ত বৃদ্ধি হ'ল মাচুলঃ চৰকাৰৰ সিদ্ধান্তত দিশহাৰা জনতা... 
গুৱাহাটী

দৰিদ্ৰ ৰোগীৰ শেষ ভৰসা GMCH ত বৃদ্ধি হ'ল মাচুলঃ চৰকাৰৰ সিদ্ধান্তত দিশহাৰা জনতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা বৃদ্ধি পালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা মাচুল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দৈনিক হাজাৰ হাজাৰ ৰোীগৰ আগমণ ঘটা জি এম চি এইছত পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰীক্ষাৰ মাচুল ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাত দৰিদ্ৰ ৰোগীৰ বাবে ই এক চিন্তাৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ একমাত্ৰ সু-চিকিৎসা আৰু আন্তঃগাঁথনিৰে পৰিপূৰ্ণ চিকিৎসা মহাবিদ্যালয় জি এম চি এইছ। ৰাজ্য চৰকাৰে যদিও জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে সেয়া তাত কেৱল বিল্ডীঙৰ বাহিৰে যেন আন একোৱেই নাই। যাৰ বাবেই বিভিন্ন ৰোগত আক্ৰান্ত উজনি, নামনি সকলো প্ৰান্তৰে ৰোগীয়ে জি এম চি এইছলৈ ঢাপলি মেলিব লাগে।

আনহে নালাগে ৰাজ্যত স্থাপন কৰা প্ৰতিখন চিকিৎসা মহাবিদ্যালয়সমূহত উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবেই জি এম চি এইছলৈ ৰোগী প্ৰেৰণ কৰা হয়। এনে পৰিস্থিতিত এতিয়া জি এম চি এইছত মাচুল বৃদ্ধিয়ে সাধাৰণ দৰিদ্ৰ জনতাৰ মূৰত পুনৰ এবাৰ ৰাম টাঙোন মাৰিলে।

জি এম চি এইছৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক আৰু অধ্যক্ষৰ স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা ৰোগীয়ে পঞ্জীয়ন মাচুল হ'ব ২০ টকা। পূৰ্বে ৰোগীৰ পঞ্জীয়নৰ বাবে দিবলগীয়া হৈছিল ১০ টকা। অৰ্থাৎ ৰোগীৰ পঞ্জীয়নৰ ক্ষেত্ৰত বৃদ্ধি পালে ১০০ শতাংশ মাচুল।

কেৱল সেয়াই নহয়, জি এম চি এইছত ৰোগীৰ বিভিন্ন পৰীক্ষাও এতিয়াৰে পৰা ব্যয়বহুল হ'ল। চিকিৎসালয়খনত মুঠ ১০৭ টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। সেইদৰেই বৃদ্ধি হৈছে পেয়িং কেবিনৰো মাচুল।

চিকিৎসালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি জি এম চি এইচৰ বায় কেমেষ্ট্ৰিৰ প্ৰতিটো পৰীক্ষাতে ২০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। একেদৰে যকৃৎ, বৃক্ক, প্রটিন, এলকহল, ইউৰিক এচিড আদিৰো পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে।

চিকিৎসালয়খনত পূৰ্বে থাইৰয়ড পৰীক্ষাৰ মাচুলৰ বিনীময়ত ৰোগীৰ পৰা লোৱা হৈছিল ৬০০ টকা। কিন্তু বৰ্ধিত মাচুলৰ বাবে এতিয়াৰে পৰা ৰোগীয়ে এই পৰীক্ষাৰ বাবে দিব লাগিব ৮০০ টকা। চিকিৎসালয়খনত ব্যয়বহুল আন এক পৰীক্ষা হৈছে ডি ভিটামিন পৰীক্ষা। এই পৰীক্ষাৰ বাবে পূৰ্বে ৰোগীয়ে আদায় দিব লাগিছিল ১,২০০ টকা। এতিয়া এই পৰীক্ষাৰ আৰু অধিক ব্যয়বহুল কৰি ইয়াৰ মাচুল ১,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

চিকিৎসালয়খনত পূৰ্বে এটা পেয়িং কেবিনৰ বাবে ৰোগীয়ে এদিনৰ বাবদ দিবলগীয়া হৈছিল ১,০০০ টক। এতিয়া ইয়াৰ বাবে দিব লাগিব ১২০০ টকা। কেৱল ইমানেই নহয়, আগন্তুক ১৫ টা দিনৰ ভিতৰত জি এম চি এইছ কৰ্তৃপক্ষই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰিয়েই পেথল'জি, মাইক্রবায়'ল'জি আদি বিভাগৰো বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিব।

সেইদৰেই আগন্তক সময়ত অৱশিষ্ট প্ৰতিটো বিভাগৰে বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। কেৱল জি এম চি এইছতে নহয়, ৰাজ্যৰ আন আন চৰকাৰী চিকিৎসালয়তো এইদৰেই বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণ ওপৰত মাধমাৰ মাৰি যোৱা কেইটামান মাহৰ ভিতৰতে ঔষধ কোম্পানীসমূহে বৃদ্ধি কৰিছিল জীৱনদায়িনী ঔষধৰ মূল্য। ঔষধৰ মূল্য বৃদ্ধিৰ বাবেই ৰোগীয়া ব্যক্তিয়ে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিবলৈয়ো এশবাৰ চিন্তা কৰিবলগীয় এক পৰিস্থিতিৰ সূচনা হৈছে।

ৰাজ্যত চিকিৎসা আন্তঃগাঁথনি উন্নয়নৰ নামত কেৱল চাৰিওফালে অট্টালিকা নিৰ্মাণ কৰা হৈছে যদিও বহু চিকিৎসালয়ত সাধাৰণ এক্সৰে', চি টি স্কেন আদিৰেই সু-ব্যৱস্থা নাই। জি এম চি এইছৰ বাহিৰে ৰাজ্যৰ আন আন প্ৰান্তত থকা ন-পুৰণি চিকিৎসা মহাবিদ্যালয়সমূহত ৰোগীৰ চিকিৎসাতকৈ অধিক ৰোগীক 'ৰেফাৰ' কৰা হয়।

জি এম চি এইছত প্ৰায়সমূহ চিকিৎসা সেৱা, প্ৰয়োজনীয় পৰীক্ষা আদি উপলব্ধ বাবেই শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিটো প্ৰান্তৰে ৰোগী আহে। নকলেও হয় ইয়াৰে সিংহভাগ ৰোগীয়েই দৰিদ্ৰতাৰ গ্ৰাসত বিপৰ্যস্ত। গাড়ী ভাড়া কৰি, এম্বুলেঞ্চ যোগাৰ কৰি দূৰদূৰণিৰ পৰা ৰোগী কঢ়িয়াই অনা এই দৰিদ্ৰ লোকসকলে ব্যয়বহুল চিকিৎসা সেৱা গ্ৰহণ কৰিব নোৱাৰে বাবেই জি এম চি এইছকে শেষ ভৰসা হিচাপে গ্ৰহণ কৰে।

ইফালে চি টি স্কেনকে ধৰি কিছু পৰীক্ষাৰ বাবে জি এম চি এইছত দীঘলীয়া শাৰীপাতিবলগীয়া হোৱাৰ বাবেই একাংশ ৰোগীয়ে ব্যক্তিগত পৰীক্ষাগাৰত তেওঁলোকৰ ৰোগৰ পৰীক্ষা কৰিবলৈও বাধ্য হয়। ফলত তেওঁলোকৰ চিকিৎসা ব্যয় কেইবাগুণ বৃদ্ধি হয়।

এনে পৰিস্থিতিত এতিয়া জি এম চি এইছত এইদৰে চিকিৎসাৰ মাচুল বৃদ্ধি হোৱাত এই ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰতেই যে মাধমাৰ মাৰিব সেয়া নিশ্চিত। অৱশ্যে জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই দৰিদ্ৰ ৰোগীৰ সন্দৰ্ভত কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। ডাঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত দৰিদ্ৰ ৰোগীৰ সন্দৰ্ভত কয়, 'আমি দৰিদ্ৰ লোকৰ বিনামূলীয়াকৈ চিকিৎসা কৰিছোঁ। ধন দিবলৈ সক্ষম নোহোৱা ৰোগীসকল আহক আমাৰ ওচৰলৈ। যিমান পাৰোঁ আমি সহায় কৰিম।'