গুৱাহাটী

কংগ্ৰেছ নেত্ৰী প্ৰয়াত বাসন্তী শৰ্মাৰ বাসগৃহত মুখ্যমন্ত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্ক : কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰয়াত বাসন্তী শৰ্মাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মংলবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ ল'বলৈ মহানগৰীৰ উজানবজাৰস্থিত বাসগৃত মুখ্যমন্ত্ৰী ড০ শৰ্মা উপস্থিত হয়।

শোকসন্তপ্ত পৰিয়ালবৰ্গক মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা বাসন্তী শৰ্মাৰ বাসগৃহলৈ আহি তেওঁৰ দুই পুত্ৰক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ কথা উল্লেখ কৰে।

এগৰাকী সহজ-সৰল আৰু অমায়িক মহিলা আছিল বাসন্তী শৰ্মা। লগতে ৰাজ্যসভাত অসমক অত্যন্ত গৌৰৱেৰে বাসন্তী শৰ্মাই প্ৰতিনিধিত্ব কৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, প্ৰয়াত বাসন্তী শৰ্মাই ৰাজ্যসভাৰ মজিয়াত অসমৰ সমস্যাসমূহ দাঙি ধৰি মত-প্ৰকাশ কৰাৰ কথা ব্যক্ত কৰে।

এই সময়ছোৱাত মন্ত্ৰী অশোক সিংঘল,সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে।