গুৱাহাটী

মহানগৰীত চোৰৰ উপদ্ৰৱঃ পুৱাই গান্ধীবস্তিত আটক চোৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্রাস। বুধবাৰে পুৱাই গান্ধীবস্তিত হাতে-লোটে ধৰা পৰে পৰে আন এটা চোৰ। এটা বাসগৃহত পানীৰ মটৰ চুৰি কৰিবলৈ লওঁতেই আটক কৰা হয় চোৰটোক। 

চোৰটোৰ নাম বাবু তালুকদাৰ বুলি জানিব পৰা গৈছে। চান্দমাৰী ৰে’ল লাইনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। বিগত দিনকেইটাত চোৰৰ সন্ত্রাসত অতিষ্ঠ হৈ পৰিছে মহানগৰবাসী। মহানগৰীৰ বেলতলা, হেঙেৰাবাৰী, গান্ধীবস্তি, পল্টন বজাৰ আদি সকলো ঠাইতে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ।