গুৱাহাটী

জৰুৰীকালীন অৱস্থাত কাৰাবাস খাটিবলগীয়া গনতন্ত্ৰৰ সেনানীয়ে মাহে পাব ১৫,০০০কৈ টকা

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেশৰ জৰুৰীকালীন অৱস্থাত লোকতন্ত্ৰ ৰক্ষাৰ বাবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা, বৰ্তমান প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস অসমৰ তিনি শতাধিক সেনানীক সম্মান জনাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৩০১ গৰাকী লোকতন্ত্ৰৰ সেনানী তথা তেওঁলোকৰ নিকটাত্মীয়ক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ইয়াৰে ১১ গৰাকীক পেন্সন প্ৰদান কৰা হয় এই অনুষ্ঠানত।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ভাৰতবৰ্ষৰ গণতান্ত্রিক ইতিহাসত আজিৰ দিনটোৰ এক সুকীয়া তাৎপর্য আছে। সাধাৰণতে ইতিহাসৰ তাৎপর্যপূর্ণ দিনটো ইতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয়। ১৯৭৫ চনৰ ২৫ জুন দিনটো ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক আটাইতকৈ ক'লা দিন বা অন্ধকাৰৰ দিন ৰূপে বিশ্লেষণ কৰা হয়। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু গণতান্ত্রিক প্ৰমূল্যবোধক ভূলুণ্ঠিত কৰা সেই সময় আছিল দেশৰ ইতিহাসৰ এক ক'লা অধ্যায়।

প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অনুমোদনৰ ভিত্তিত তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, গুৰুত্বপূর্ণ ঘোষণা কৰাৰ আগতে কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হয়। সাংবিধানিক আৰু গণতান্ত্রিক বিধি-বিধান পালন নকৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বাবে ইয়াক ক'লা দিন হিচাবে অভিহিত কৰা হয়। দেশত গণতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰিবলৈ লক্ষ লক্ষ দেশপ্রেমিতি সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু তেখেতসকলে মৰণ-পণ যুঁজ দিছিল। সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ অমানৱীয় আতিশয্যৰ ওচৰত শিৰণত নকৰি বহু মহান ভৰতীয়ই ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সংগ্রাম কৰি কাৰাবাসত দিন কটাইছিল বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।

আমাৰ ৰাজ্যখনত বহু দেশপ্ৰেমিক আৰু লোকতন্ত্ৰৰ সেনানীসকলে তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰিতা আৰু একনায়কত্ববাদীতাৰ বিৰোধিতা কৰি দেশৰ গণতন্ত্ৰক পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰামত নামি পৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই মহান দেশপ্ৰেমিকসকলৰ ত্যাগ আৰু সংগ্ৰামৰ ফলত এবছৰ ন মাহ পিছত ১৯৭৭ চনৰ ২১ মাৰ্চত ভাৰতবৰ্ষই গণতন্ত্র পুনৰ ওভতাই পাইছিল। যিসকল সেনানীৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলত দেশে জৰুৰীকালীন অৱস্থাৰ পৰা নিজক ওভতাই আনিবলৈ সক্ষম হৈছিল সেই লোকতন্ত্ৰৰ সেনানীসকল সুদীর্ঘকাল উপেক্ষিত হৈ আছিল।

তদুপৰি তেওঁ কয় যে, আজি স্বাধীনতাৰ অমৃত কালত কৃতজ্ঞা অসমীয়া জাতিয়ে গণতন্ত্ৰৰ সেনানীসকলক উপযুক্ত মর্যাদা প্ৰদান কৰিবলৈ লোকতন্ত্ৰৰ সেনানীসকলক সম্বৰ্দ্ধনা প্রদান কৰা হৈছে। যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছিল যে, যিসকল গণতন্ত্ৰৰ সেনানীয়ে কাৰাবাস খাটিবলগীয়া হৈছিল তেওঁলোকক মাহিলী পেন্সন হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। যদি কোনো লোকতন্ত্ৰৰ সেনানীৰ দেহাৱসান হৈছে তেনে পৰিস্থিতিত তেওঁৰ পত্নী অথবা পত্নীৰ অবর্তমানত তেওঁৰ অবিবাহিত কন্যাক পেঞ্চন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। গণতন্ত্র প্রতিষ্ঠাৰ বাবে যি ৩০০ সেনানী কাৰাৰুদ্ধ হৈছিল তেখেত সকলক সন্মান পত্ৰ আৰু ৯১ গৰাকী লোকৰ সেনানী অথবা তেওঁলোকৰ অবর্তমানত নিকটাত্মীয়ক মাহিলী ১০ হাজাৰ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে শত সহস্ৰ ভাৰতীয়ৰ চৰম ত্যাগ, সাহস আৰু আত্মবলিদানেৰ ফলত ব্ৰিটিছ সাম্রাজ্যবাদৰ অৱসান ঘটাই আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। দেশে স্বৰাজ লাভ কৰাৰ পাছত সেই স্বৰাজৰ সুফল দেশৰ সৰ্বসাধাৰণ জনতালৈ প্ৰসাৰিত কৰিবলৈ দেশৰ মুক্তিযোদ্ধাসকলে আৰু দেশৰ সংবিধান প্রণেতাসকলে দেশখনক বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ মৰাণপণ কৰিছিল। বহু জাতি-বৰ্ণ আৰু ভাষাৰ দেশ ভাৰতবৰ্ষত বৈচিত্ৰ্যৰ মাজত ঐক্য বৰ্তাই ৰাখিবলৈ গণতান্ত্ৰিক প্ৰমূল্যবোধ আধাৰিত এক ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে তেখেতসকলে গুৰুত্ব আৰোপ কৰিছিল। ভাৰতীয় সংবিধানৰ বাপকাৰ ডা বি আৰ আম্বেদকাৰে দেশত সামাজিক গণতন্ত্রৰ পোষকতা কৰিছিল। য'ত স্বাধীনতা সমতা আৰু ভাতৃত্ববোধকে ভাৰতীয়ৰে জীৱনৰ মূলমন্ত্ৰ হিচাপে গণ্য কৰা হৈছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে দেশত আবহমান কালৰে পৰা গণতান্ত্ৰিক প্ৰমূল্যবোধে বিৰাজ কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ভাষাত আমাৰ দেশ গণতন্ত্ৰৰ জননী। ভাৰতবৰ্ষৰ প্ৰাচীন এই গণতান্ত্রিক প্ৰমূল্যবোধ প্ৰথমবাৰৰ বাবে ভূ-লুণ্ঠিত হৈছিল পৰাধীন ভাৰতত। তেতিয়া ইংৰাজে ভাৰতবৰ্ষ দখল কৰিছিল। দ্বিতীয়বাৰ এই প্ৰমূল্যবোধ ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰাৰ অভিসন্ধি ৰচিছিল সেইসময়ৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে। অপশাসনক সুৰক্ষা প্ৰদান কৰিবলৈ বহু একনায়কত্ববাদী ৰাষ্ট্ৰ নেতাই গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাসী ৰাজনৈতিক প্রতিপক্ষক বন্ধ কুঠৰীলৈ প্ৰেৰণ কৰাৰ অলেখ উদাহৰণ আছে। কিন্তু পৰম্পৰাগত গণতান্ত্রিক মূল্যবোধত বিশ্বাসী ভাৰতবৰ্ষতো ইন্দিৰা গান্ধীয়ে বিৰোধীৰ সকলো নেতাৰ কণ্ঠৰোধ কৰা দুষ্কাৰ্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৭৫ চনৰ ২৫ জুনৰ মাজ নিশাৰ পৰা দেশত যি জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰা হৈছিল তাৰ কাৰণ কোনো হিংসাত্মক ৰাজনৈতিক কার্যকলাপ নাছিল বা কোনো ৰাজদ্রোহৰ বাবে এই জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাছিল। সেই জৰুৰীকালীন অৱস্থা আছিল ইন্দিৰা গান্ধীৰ আক্রোশ তথা ব্যক্তিগত ৰাজনৈতিক ক্ষমতা সৰ্বস্বতাৰ বহিঃ প্রকাশ। যি কংগ্ৰেছ দলে মহাত্মা গান্ধীৰ নেতৃত্বত ইংৰাজৰ শাসন ওফৰাই দেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কামত ব্ৰতী হৈছিল, যি কংগ্ৰেছে স্বৰাজ আন্দোলন দেশৰ লাখ লাখ জনতাৰ সমৰ্থন আদায় কৰিছিল ইন্দিৰা গান্ধীৰ আমোলৰ পৰা সেই কংগ্ৰেছে গান্ধী পৰিয়ালৰ বহতীয়া হৈ কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু দেশত গণতন্ত্রক বাৰে বাৰে কুঠাৰঘাট কৰিছে। ইন্দিৰা গান্ধী আৰু তেওঁৰ পৰিচালন কাজেৰ অনুগতসকলে সেই সময়ত চৰকাৰী যাৰ অপব্যৱহাৰেৰে প্ৰায়বোৰ বিৰোধী নেতা-নেত্ৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় ৰাষ্ট্ৰীয় সুৰক্ষাৰ গইনা লৈ ইন্দিৰা গান্ধীয়ে তেওঁৰ বিৰোধীসকলৰ বিৰুদ্ধে প্রতিশোধ পৰাশ হৈ উঠাৰ কাৰণ আছিল তেওঁৰ হতাশা আৰু এটা গভীৰ ন্যায়িক তথা ৰাজনৈতিক সমস্যাৰ পৰা উদ্ভৱ হোৱা আশংকা।

জৰুৰীকালীন সময়ছোৱাত সংবাদপত্ৰৰ কণ্ঠ ৰোধ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ কলংকৃত সময়ছোৱাত অসমতো সেই সময়ত কংগ্ৰেছ চৰকাৰৰ বহু কেইজন নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সেই সময়ত আমাৰ লোকৰ সেনানীসকলে গণতন্ত্র প্রতিষ্ঠাৰ বাবে জপিয়াই পৰিছিল। দেশত যাতে পুনৰ জৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰে সেই দিশত লোক সেনানীসকলে এক অভেদ্য ৰক্ষা ভাৰতবাসীক দি গৈছে। তেওঁ লগতে কয় যে, লোকতন্ত্ৰই হওঁক বা বাংলাদেশ যুদ্ধৰ সময়ত অংশগ্রহণ কৰা সেনানীসকল আমাৰ শৌর্য-বীর্য আৰু গৌৰৱৰ প্ৰতীক। লোকতন্ত্ৰৰ সেনানীসকলৰ ভৱিষ্যতে তাম্ৰপত্ৰ প্ৰদানৰ বিষয়টো ৰাজ্য চৰকাৰে চিন্তা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

আজিৰ এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, অশোক সিংঘাল, সাংসদ কুইন ওজা আৰু বিধায়কসকল তথা মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, লোকতন্ত্ৰ সোনানী আৰু তেওঁলোকৰ নিকটাত্মীয় শীৰ্ষ বিষয়া তথা অন্যান্য গণ্য মান্য লোক উপস্থিত থাকে।