Sonapur Eviction: কচুতলীৰ উচ্ছেদস্থলীত প্ৰৱেশত বাধা কংগ্ৰেছ প্ৰতিনিধি দলক... 
গুৱাহাটী

Sonapur Eviction: কচুতলীৰ উচ্ছেদস্থলীত প্ৰৱেশত বাধা কংগ্ৰেছ প্ৰতিনিধি দলক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোণাপুৰৰ কচুতলীৰ ট্ৰাইবেল বেল্টৰ ভূমিত চলা উচ্ছেদ অভিযানৰ মাজতে সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। উচ্ছেদস্থলীৰ পৰিস্থিতি বুজ ল'বলৈ কংগ্ৰেছে দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ (Jakir Hussain Sikdar) ৰ নেতৃত্বত যোৱা এটা দল আজি কচুতলীত প্ৰৱেশৰ পূৰ্বেই এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয়।

কচুতলীৰ পোৱাৰ পূৰ্বেই ডিগাৰু গেটত ট্ৰাইবেল সংঘকে ধৰি বিভিন্ন দল, সংগঠনে শৃংখল তৈয়াৰ কৰি কংগ্ৰেছৰ প্ৰতিনিধি দলটোক বাধা প্ৰদান কৰে। সংগঠন কেইটাৰ নেতৃত্বই কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ কোনো কথাই শুনিবলৈ নিবিচাৰি তেওঁলোকক কচুতলীত প্ৰৱেশত বাধা দিয়ে।

তাৰ মাজতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটী (Assam Pradesh Congress Committee) ৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে প্ৰতিবাদী সংগঠন কেইটাক উদ্দেশ্যি কয়, ''আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই। আমাক যাবলৈ দিয়ক। আমি আপোনালোকৰ লগতো কথা পাতিব আহিছো।আপোনালোকৰ লগতো কথা পাতিম। আমি বেয়া উদ্দেশ্য লৈ অহা নাই। ভাল কামৰ বাবে আহিছো।''

তাৰ মাজতে বিধায়ক ৱাজেড আলী চৌধুৰী (Wazed Ali Choudhury) য়ে চিঞঁৰি কয়, ''আমি উচ্ছেদ বন্ধ কৰিবলৈ অহা নাই।'' অৱশ্যে এইসকল নেতাৰ কোনো কথাই নুশুনিলে ট্ৰাইবেল সংঘৰ নেতৃত্ব তথা সদস্যসকলে।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত দুয়ো পক্ষৰ মাজত আৰক্ষী প্ৰৱেশ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। তাৰ মাজতে মহিলা কংগ্ৰেছৰ সভানত্ৰী মীৰা বৰাঠাকুৰে (Mira Barthakur) কয়, ''আমি বেদখলকাৰীৰ উচ্ছেদৰ বিৰোধত নহয়। আমি ডিমৰীয়া অঞ্চলৰ ৰাইজৰ লগত সদায় আছো। ইয়াত চিমেণ্ট ফেক্টৰৰী প্ৰদূষণৰ বাবে ৰাইজে যেতিয়া আন্দোলন কৰিছিল তেতিয়াও লগত আছিলো। আমি কৈছো গোটেই অসমত ট্ৰাইবেল বেল্টৰ মাটিত হোৱা বেদখলৰ উচ্ছেদ হ'ব লাগে। কিন্তু এই উচ্ছেদ বিধিগত নিয়ম অনুসৰি হ'ব লাগে। যাতে চৰকাৰে তৃতীয় পক্ষক ব্যৱহাৰ কৰি জনজাতীয় লোকসকলক, যুৱকসকলক বিপথে পৰিচালিত নকৰে তাৰো দাবী জনাইছো।''

কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৰ সৈতে তাৰ পাছতো কোনো কথা পাতিবলৈ সাজু নোহোৱাত জাকিৰ হুছেইন শিকদাৰে হাতজোৰ কৰি বাৰে বাৰে আলোচনাৰ বাবে আহ্বান জনায়। ইমানৰ পিছতো প্ৰতিবাদী সংগঠন কেইটাই কংগ্ৰেছৰ কোনো কথাই শুনিবলৈ মান্তি নহ'ল।

উল্লেখ্য, কংগ্ৰেছৰ এই প্ৰতিনিধি দলটোৰ আন আন সদস্যসকল আছিল এ পি চি চিৰ উপসভাপতি গুণকান্ত গগৈ, বিধায়ক নুৰুল হুডা, শিৱামণি বৰা, প্ৰদীপ সৰকাৰ, যাদৱ স্বৰ্গীয়াৰী, ড০ আছিফ মহম্মদ নাজাৰ, সাধাৰণ সম্পাদক স্বপন মণ্ডল, অৰুণ তিৱাৰী, নাছিৰ খান, গুৱাহাটী কংগ্ৰেছ কমিটীৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মা।