পুত্ৰ বিজেপিত, পিতৃ কংগ্ৰেছত কিদৰে সম্ভৱ? দলীয় কৰ্মীৰ হেঁচাত পদত্যাগ কৰিবলৈ বাধ্য হ'ল অকন বৰা... 
গুৱাহাটী

পুত্ৰ বিজেপিত, পিতৃ কংগ্ৰেছত কিদৰে সম্ভৱ? দলীয় কৰ্মীৰ হেঁচাত পদত্যাগ কৰিবলৈ বাধ্য হ'ল অকন বৰা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ'ল জ্যেষ্ঠ কংগ্ৰেছ নেতা অকন বৰাই। অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীৰ সদস্য অকন বৰাই আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এক পত্ৰ প্ৰেৰণ কৰি বিষয়বাবৰ পৰা পদত্যাগ কৰে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই। পুত্ৰ মানসে বিজেপিত যোগদান কৰাৰ পিছতেই অকন বৰা দলীয় মঞ্চত অস্বস্তিত পৰিবলগীয়া হৈছিল।

দলীয় বৈঠকত অকন বৰাৰ উপস্থিতিক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল একাংশ কংগ্ৰেছ নেতা তথা কৰ্মীয়ে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত অকন বৰাৰ উপস্থিতিক লৈ প্ৰশ্ন তুলিছিল ভিন্নজনে।

তেওঁলোকৰ যুক্তি আছিল যিহেতু অকন বৰাৰ পুত্ৰ মানস বৰাই বিজেপিত যোগদান কৰিছে আৰু তেওঁ বিজেপিৰ এগৰাকী সক্ৰিয় সদস্য গতিকে তেওঁ কিদৰে দলৰ এনে গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিব পাৰে? তেওঁৰ জৰিয়তে দলৰ গোপন তথ্য ৰাজহুৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত পৰিয়েই আজি অকন বৰাই মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী কমিটীৰ লগতে ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ পৰাও পদত্যাগ কৰে।

মন কৰিবলগীয়া যে, লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছত কংগ্ৰেছলৈ যিসকল নেতাই প্ৰত্যাৱৰ্তন কৰিবলৈ বিচাৰিছে বুলি চৰ্চা চলি আহিছে তাৰ মাজত অন্যতম অকন বৰাৰ পুত্ৰ মানস বৰা। মানসক দললৈ ঘূৰাই অনাৰ ক্ষেত্ৰত অকন বৰাই সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

আনকি তেওঁ দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতেও এই বিষয়ে আলোচনা কৰাৰ কথা প্ৰকাশ পাইছিল। কিন্তু দলৰ বিপদত দল এৰি বিজেপিৰ শৰানাপন্ন হোৱা এইসকল নেতাক দললৈ ঘূৰাই অনা নহ'ব বুলি গৌৰৱ গগৈ আৰু ভূপেন বৰাই বাৰে বাৰে উল্লখে কৰি অহাৰ লগতে তৃণমূল কৰ্মীসকলেও অনুৰূপ দাবী কৰি আহিছে।

এনে পৰিস্থিতিত মানস আৰু তেওঁৰ দৰেই একাংশৰ বাবে প্ৰত্যাৱৰ্তন অসম্ভৱ হৈ পৰিছে। কংগ্ৰেছৰ ভিতৰত গ্ৰহণ কৰা এনে কঠোৰ স্থিতিত পৰি এতিয়া একালৰ মহাপ্ৰতাপী মন্ত্ৰী তথা নেতা স্বয়ং অকন বৰাই দলৰ বিষয়বাবৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা এক চমু প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গোপাল চন্দ্ৰ শৰ্মাক কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে।