দ্বিতীয়বাৰ গেৰুৱা বসন পিন্ধিলে শংকৰ প্ৰসাদ ৰয়ে... 
গুৱাহাটী

দ্বিতীয়বাৰ গেৰুৱা বসন পিন্ধিলে শংকৰ প্ৰসাদ ৰয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চৰ্তহীনভাৱে বিজেপিলৈ পুনৰ ঘূৰি আহিল শংকৰ প্ৰসাদ ৰয়। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰয়ে আছু ত্যাগ কৰিয়েই যোগদান কৰিছিল গেৰুৱা দলটোত। কেইবাটাও চৰ্ত সাপেক্ষে প্ৰথমবাৰ বিজেপিত যোগদান কৰাৰ পিছত দলটোৱে সেই চৰ্ত পূৰণ নকৰাত তেওঁ কংগ্ৰেছত যোগদান কৰিছিল বুলি আজি বিজেপিলৈ প্ৰত্যাৱৰ্তনৰ সময়ত উল্লেখ কৰিছে।

কংগ্ৰেছত থাকিও ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবলৈ সক্ষম নোহোৱা তথা সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় শংকৰ প্ৰসাদ ৰয়ে এতিয়া পুনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদলবলে বিজেপিলৈ ঘূৰি আহিছে। অৱশ্যে এইবাৰ বিজেপিত যোগদান কৰাৰ সময়ত তেওঁ কোনো চৰ্ত আৰোপ কৰা নাই। বিনা চৰ্তে সাধাৰণ এজন কাৰ্যকৰ্তা হিচাপে তেওঁ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰিলে।

দ্বিতীয়বাৰৰ বাবে দললৈ শংকৰ প্ৰসাদ ৰয়ক আদৰিলে বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে। স্বাভাৱিকতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা শংকৰ প্ৰসাদ ৰয়ে যোগদানৰ সময়ছোৱাত কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰি আগন্তুক নিৰ্বাচনত এখনো আসন লাভ কৰিব নে নাই তাত সন্দেহ আছে বুলিও ব্যক্ত কৰে।

তেওঁ কয়, কংগ্ৰেছত আজিও বহু নেতা গুৰুত্বহীন। লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবনে নাই তাত সন্দেহ আছে। ইফালে দ্বিতীয়বাৰ বিজেপিত যোগদান কৰাৰ প্ৰসংগত তেওঁ কয়, আজি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছোঁ। মই নীতিগত কাৰণত বিজেপিত যোগদান কৰিবলৈ আহিছোঁ। আছুৰ পৰা আঁতৰি অহাৰ পিছত সক্ৰিয় ৰাজনৈতিক যাত্ৰাৰ প্ৰথমটো খোজ বিজেপিত দিছিলো।

এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে বিজেপি দলত যোগদান কৰাৰ বুলি উল্লেখ কৰি শংকৰ প্ৰসাদ ৰয়ে বঙাইগাঁৱত নিৰ্বাচনৰ পূৰ্বে ১৫ হাজাৰ লোকে একেলগে বিজেপিত যোগদান কৰিব বুলিও কয়। ইয়াৰোপৰি নিৰ্বাচনৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় ৫০ হাজাৰ সদস্যই বিজেপিত যোগদান কৰিব বুলিও কয় এইগৰাকী প্ৰাক্তন আছু সভাপতিয়ে।